ছয়গাঁও- বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সকলো ৰাজনৈতিক দলৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাতে তীব্ৰ প্ৰতিক্ৰীয়াৰ সৃষ্টি কৰি থকাৰ মাজতেই অগপ নেতা কমলা কলিতাই ৰাজনৈতিক সংকটত ভোগা বুলি চৰ্চা চলিছে। প্ৰথম পৰ্যায়ৰ তালিকা ঘোষণা হোৱাৰ পিছতেই নিজ নিজ সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীসকলে প্ৰাৰ্থীত্ব নোপোৱাৰ ক্ষোভ আৰু ক্ষমতাৰ লোভত অন্য দললৈ ঢাপলি মেলাও পৰিলক্ষিত হৈছে।
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এতিয়াও কিছু সমষ্টিৰ প্ৰাৰ্থীত্ব ঘোষণা হোৱা নাই যদিও প্ৰাৰ্থীত্ব প্ৰত্যাশীসকলে আশাত বন্দী হৈ আছে। বিশেষকৈ ৫০ নং পলাশবাৰী বিধান সমষ্টিত এইবেলি নিৰ্বাচন আকৰ্ষণীয় হব বুলি ৰাইজৰ মাজত চৰ্চা চলিছে। সমষ্টিটোত বিজেপি দলৰ বিধায়ক থকাৰ বিপৰীতে অগপ নেতা তথা দলৰ সাধাৰণ সম্পাদক ডা: কমলা কলিতাই কেইমান পূৰ্বৰে পৰা সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ চলাই আহিছে। সমষ্টিটোত প্ৰাৰ্থী ঘোষণা হোৱা নাই যদিও মিত্ৰজোটে বিজেপি দলৰ প্ৰাৰ্থীত্ব দিয়া হব বুলি ঘোষণা কৰাত এতিয়া মইমতালিৰে কমলা কলিতাই পলাশবাৰীত বন্ধুত্বসুলভ প্ৰাৰ্থী হোৱাৰ লগতে ছয়গাৱত তেওঁৰ পত্নী জোনালী কলিতাক প্ৰাৰ্থীত্ব দিয়াৰ বাবে উঠি পৰি লগা কাৰ্যত দক্ষিণ কামৰূপ জিলা বিজেপিৰ নেতা কৰ্মীসকল জাঙুৰ খাই উঠিছে।
ছয়গাৱত কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদৰ হাতত শোচনীয়ভাৱে পৰাজিত হৈ এইবেলি নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষাৰ বাবে পলাশবাৰীলৈ আহি কাম কাজ আৰম্ভ কৰিছিল যদিও দুয়োটা সমষ্টি তেওঁ নিজৰ হাতৰ মুঠিত ৰাখিব বিচৰা কাৰ্যত জাঙুৰ খাই উঠিছে দক্ষিণ কামৰূপ জিলা বিজেপিৰ নেতা কৰ্মী। দক্ষিণ কামৰূপ জিলা বিজেপিৰ অন্তৰ্গত তিনিটা সমষ্টিৰ বকো আৰু ছয়গাও ইতিমধ্যেই মিত্ৰজোটে অগপক এৰি দিছে। মাত্ৰ পলাশবাৰী সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী দিয়াৰ জো যা চলাই থকা সময়ত অগপ নেতা কমলা কলিতাই তেওঁৰ পত্নীক ছয়গাৱত দি পলাশবাৰীত নিজে ঠিয় হোৱাৰ বাবে সাজু হোৱা বুলি কৈ দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি ধনেশ্বৰ তালুকদাৰে এনেদৰে মইমতালিৰে কাম কৰা কমলা কলিতাক বিজেপিৰ নেতা কৰ্মীয়ে এসেকা দিবলৈও সাজু হোৱা বুলি মন্তব্য কৰে।
ইতিমধ্যে কমলা কলিতাৰ এনে দম্ভালি আৰু অনুশাসন নমনাৰ সকলো কথা বিজেপিৰ ৰাজ্যিক পৰ্যায়ৰ নেতাসকলক অৱগত কৰি হস্তক্ষেপৰ বাবেও আহ্বান জনাইছে। অন্যথাই কলিতাৰ বিৰুদ্ধে কাম কাজ কৰিব বুলিও সভাপতি ধনেশ্বৰ তালুকদাৰে জানিবলৈ দিয়ে। কমলা কলিতাই ছয়গাৱত নিজৰ জীৱনলৈ ৰাজনৈতিক সংকট নামি অহাৰ কথা জানিব পাৰি পলাশবাৰীলৈ আহিছিল যদিও এতিয়া প্ৰাৰ্থীত্ব লাভ নকৰি হকে বিহকে কাম কৰিবলৈ লোৱা বুলিও সভাপতিগৰাকীয়ে মন্তব্য কৰে।