শ্যাম কানু মহন্তৰ প্ৰাৰ্থিত্বক লৈ টীয়কত অগপ দুটা গোটত বিভক্ত

টীয়ক: অহা ২৭ মাৰ্চত ভোটগ্ৰহন হবলগীয়া টীয়ক সমষ্টিৰ অগপ দলৰ প্ৰাৰ্থীক লৈ দুটা শিবিৰত বিভক্ত হৈছে দলটোৰ কৰ্মীসকল। বৰ্তমানৰ বিধায়ক ৰেনুপমা ৰাজখোৱাৰ পৰিবৰ্তে এইবাৰ দলে প্ৰাৰ্থিত্ব দিবলৈ ওলাইছে শ্যামকানু মহন্তক । ইতিমধ্যে  অগপ-বিজেপি মিত্ৰ জোঁটকে ধৰি মহা জোঁটত থকা কংগ্ৰেছ আৰু অন্যান্য দল, অসম জাতীয় , পৰিষদ ৰাইজৰ দলে কিছু কিছু সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে  । ইয়াৰ মাজতে বিভিন্ন সমষ্টিত পচন্দৰ প্ৰাৰ্থী নোপোৱাৰ বাবে ক্ষোভিত হৈ পৰিছে তৃণমূল কৰ্মী সকল।

টীয়কতো এজিপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী শ্যামকানু মহন্তৰ সমৰ্থনত অগপ আৰু বিজেপিৰ পাঁচ শতাধিক নেতা-কৰ্মীয়ে টীয়কৰ ফুডভিলা ৰেষ্টুৰেন্টত এখন যৌথ সভা আহ্বান কৰি টীয়কৰ উন্নয়নৰ বাবে এজন যোগ্য প্ৰাৰ্থীক প্ৰাৰ্থীত্ব দিবলৈ ৰাজ্যিক নেতৃত্বক আহ্বান জনাই। ইফালে বিকাশ শইকীয়াক প্ৰাৰ্থীত্ব নিদিলে অগপৰ ১৯ খন আঞ্চলিকে পদত্যাগ কৰা বিষয়টো ভুৱা প্ৰচাৰ বুলি জানিবলৈ দিয়াৰ লগতে বিকাশ শইকীয়াৰ সমৰ্থনত প্ৰতিবাদ কৰা সকল ঠিকাদাৰ বুলি জানিবলৈ দি গৰিহণা দিয়ে। মনকৰিবলগীয়া যে সভাত বিকাশ শইকীয়া মুদ্ৰাবাদ আৰু শ্যাম কানু মহন্ত জিন্দাবাদ ধ্বনি দি উত্তাল কৰি তোলে। সভাখনত অগপৰ কেইবাজনো কাৰ্যনিৰ্বাহক আৰু বিজেপিৰ জিলা পৰ্যায়ৰ বিষয়ববীয়া উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply