অসম গণ পৰিষদৰ ইস্তেহাৰ

নিউজ ডেস্ক: অসম গণ পৰিষদে আমবাৰীৰ মুখ্য কাৰ্যালয়ত মুকলি কৰে নিৰ্বাচনী ইস্তাহাৰ ৷ অসম চুক্তি ৰূপায়ণ দলৰ প্ৰথম আৰু প্ৰধান লক্ষ্য বুলি মন্তব্য কৰে অগপৰ নেতৃত্বই৷ ৬নং দফা কাৰ্যকৰী কৰাৰ কথা উল্লেখ আছে ইস্তেহাৰত |অগপৰ ইস্তাহাৰত ‘কা’ সম্পৰ্কে দলটোৰ স্থিতি সন্দৰ্ভত স্পষ্টভাৱে উল্লেখ নকৰিলে৷

আৰু পঢ়কঃগোলাঘাটত জব্দ নগদ ৩ লাখ ৫০ হাজাৰ টকা

আঞ্চলিক দলটোৰ ইস্তেহাৰত চৰকাৰী চাকৰিৰে নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰি বুলি উল্লেখ কৰিছে যদিও, নিবনুৱা সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰা দলটোৰ নিবনুৱা সমস্যা সমাধানৰ সুত্ৰ কি তাক স্পষ্ট ৰূপত দেখা ন’গল৷ দলৰ সভাপতি, কাৰ্যকৰী সভাপতিৰ অনুপষ্ঠিতিত এই
ইস্তেহাৰ মুকলি অনুষ্ঠানত সাংসদ বীৰেণ বৈশ্য, প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, নুৰুল হুছেইন, মনোজ শইকীয়াসহ কেইবাগৰাকী অগপ নেতা উপস্থিত থাকে৷ আগন্তুক প্ৰথম পৰ্যায়ৰ নির্বাচনত অগপ দলে আটাইকেইখন আসন লাভ কৰিব বুলি মত প্ৰকাশ দলৰ নেতৃত্বৰ

আৰু পঢ়কঃ গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশৰ পিছত আকৌ অনিশ্চয়তাত ৰঙালী বিহুৰ আয়োজন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply