নিউজ ডেস্ক : হৰ্ছ ট্ৰেডিং হোৱাৰ সম্ভাবনা দেখি ৰাজস্থানৰ জয়পুৰলৈ পঠিওৱা এ আই ইউ ডি এফৰ প্ৰাৰ্থীসকল ফেয়াৰম’ণ্ট হোটেলৰ পৰা শুকুৰবাৰে অসমলৈ ওভটনি আৰম্ভ কৰিছে ৷ এআইইউডিএফৰ ২০ গৰাকীকৈ প্ৰাৰ্থী 8 দিন ধৰি বিলাসী হোটেলখনত থাকি বৈঠকত ভাগ লোৱাৰ পাচত জয়পুৰৰ পৰা বিদায় লৈছে ৷
আৰক্ষী-নিৰাপত্তাৰক্ষীৰ আৱেষ্টনীৰ মাজেৰে হোটেলৰ পৰা বাছেৰে জয়পুৰ বিমানবন্দৰত উপস্থিত হৈ তাৰ পৰা বিমানযোগে অসমলৈ আহিছে এআইইউডিএফ প্ৰাৰ্থীসকল ৷
উল্লেখ্য যে, চলিত মাহৰ ৯ তাৰিখে জয়পুৰৰ বিলাসী হোটেল ফেয়াৰম’ণ্টত গৈ উপস্থিত হৈছিল বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা এআইইউডিএফৰ ২০ গৰাকীকৈ প্ৰাৰ্থী ৷
ইয়াৰ পূৰ্বেই এজন প্ৰাৰ্থী ইতিমধ্যেই হোটেল এৰি অসমত উপস্থিত হৈছিল ৷ মহাজোঁটে চৰকাৰ গঠন কৰিব বুলিয়েই এইসকল প্ৰাৰ্থী জয়ী হলে যাতে বিজেপিয়ে কিনিব নোৱাৰে তাৰবাবেই এইদৰে আতৰাই পঠিওৱা বুলি চৰ্চিত হৈছিল৷ বিপিএফ দলৰো বহুকেইজন প্ৰাৰ্থী ইতিমধ্যে বিদেশ পাইছেগৈ ৷ কি মন্ত্ৰনা দি এইসকল প্ৰাৰ্থীক ওভোটাই আনিলে সেইটো এতিয়াও স্পষ্ট নহয় ৷