এআইইউডিএফৰ প্ৰাৰ্থী আমিনুল ইছলাম

মানকাচৰ: মানকাচৰৰ শান্তিপুৰত এখন নিৰ্বাচনী সভাত ভাগ লৈ মানকাচৰ বিধান সভা সমষ্টিৰ কংগ্ৰেছ,এ আই ইউ ডি এফ দলৰ মহাজোট বন্ধনৰ প্ৰাৰ্থী আমিনুল ইছলামে বিস্ফোৰক মন্তব্য আগবঢ়ায়।
” AGP BJP দলে যিবিলাক সিদ্ধান্ত লৈ আছে,জাতি ধৰ্ম,ভাষা ভাষীৰ মাজত কেনেকৈ সংঘাত বৃদ্ধি কৰিব পৰা যায়,তাৰে ব্যৱস্থা কৰি আছে” বুলি সদৰী কৰে।
“শান্তি কোনে ৰক্ষা কৰিব,পুলিচ। কিন্তু আমি শুনি আছো মানকাচৰত জাভেদ ইছলামে পুলিচ লগাই অশান্তি কৰি আছে” বুলি বিস্ফোৰক মন্তব্য কৰে আমিনুল ইছলামে।

তাৰোপৰি তেওঁ কয় যে, “মানকাচৰৰ পুলিচ হুচিয়াৰ।অহা দুই মে ৰ পিছত হুচিয়াৰ থাকিব।
পুলিচৰ বিৰুদ্ধে অফিছাৰৰ বিৰুদ্ধে কোন ঠাইত অভিযোগ দিব লাগে মই ভালকৈ জানো” ।
“অগপ-বিজেপি দলে ডি ভোটাৰ বনাইছে,আই এম ডি টি আইন বাতিল কৰিছে, কোৰানত হাত দি তিনি তালাক বন্ধ কৰিছে, মছজিদৰ আজানত হাত দিছে,মাদ্ৰাছা বন্ধ কৰিছে,গৰু খাম নে গাহৰি সেই টো বন্ধ কৰিছে, এৰ’বিক ভাষা বন্ধ কৰিছে,লুঙি পাঞ্জাবী পিন্ধা বন্ধ কৰিছে,দাড়ী টুপী ৰখা বন্ধ কৰিছে” বুলি সদৰী কৰে।আনহাতে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত উজনি অসমক প্ৰাধান্য দিয়া হৈছে বুলি বিস্ফোৰক মন্তব্য আগবঢ়ায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply