গুৱাহাটী – এআইইউডিএফৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ। বুধবাৰে নিশা দলটোৱে প্ৰকাশ কৰিলে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা। বদৰপুৰ, হাইলাকান্দি আৰু বিলাসীপাৰা পূব সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে এআইইউডিএফে।
ৰাজ্যত ক্ৰমাৎ উত্তাল হৈ পৰিছে ৰাজনৈতিক বতাহ। প্ৰতিটো ৰাজনৈতিক দল নিৰ্বাচনকলৈ অধিক তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে। ৰাজনৈতিক দল সমূহে নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে ঘোষণা কৰিছে এটাৰ পিছত আনটো সমষ্টিৰ প্ৰাৰ্থীৰ নাম।
শসকীয়া বিজেপি আৰু কংগ্ৰেছ দলে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰি থকাৰ মাজতে কংগ্ৰেছ মহাজোঁট বন্ধনৰ অন্যতম দল এইউইউডিএফে এটাৰ পিছত আনটো সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰি আছে। বুধবাৰে নিশা দলটোৱে ঘোষণা কৰে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা।
এআইইউডিএফে বুধবাৰে নিশা তিনিটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম সন্নিবিষ্ট তালিকা প্ৰকাশ কৰে। বদৰপুৰ, হাইলাকান্দি আৰু বিলাসীপাৰা পূব সমষ্টিৰ এআইইউডিএফৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে দলটোৱে। বদৰপুৰত আব্দুল আজিজ, হাইলাকান্দিত জাকিৰ হুছেইন লস্কৰ আৰু বিলাসীপাৰা পূবত চামচুল হুদাক এআইইউডিএফ দলে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে।
এআইইউডিএফে বদৰপুৰ আৰু হাইলাকান্দি সমষ্টিত দ্বিতীয় পর্যায়ৰ নিৰ্বাচন আৰু বিলাসীপাৰা পূব সমষ্টিত তৃতীয় পর্যায়ৰ নির্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। উল্লেখ্য যে বিলাসীপাৰা পূব সমষ্টি কংগ্ৰেছৰ দলে এআইইউডিএফক এৰি দিয়াত সমষ্টিটোৰ কংগ্ৰেছ কৰ্মীয়ে অসন্তুষ্টি প্ৰকাশ কৰিছে।