চৰকাৰৰ বিৰূদ্ধে পুনৰ সোচ্চাৰ হৈ পৰিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা। বৰ্তমানৰ ৰাজ্য চৰকাৰে মাটি আৰু ভেঁটি নিলাম কৰি আক্ৰমণ আৰম্ভ কৰিছে বুলি মন্তব্য কৰিছে।
গুৱাহাটীৰ মাজমজিয়াত ৫৮ বিঘা ভূমি লীজত দিয়া প্ৰসংগতো মন্তব্য কৰি সাংসদ ভূঞাই কয়, আচলতে বিজেপি নেতৃত্বাধীন চৰকাৰখনে কাৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ ক্ষমতাত বহিল সেয়া লাখটকীয়া প্ৰশ্ন ৰূপে বিবেচিত হৈছে।
ৰাজ্য চৰকাৰক সাৱধানবাণী দি অজিত ভূঞাই কয়, “জুইৰ লগত খেলা নকৰিলেই চৰকাৰৰ মঙ্গল”
কাছাৰ আৰু জাগীৰোড কাগজ কল একপ্ৰকাৰ বিক্ৰী কৰিবলৈ লৈ শৰ্মা চৰকাৰে ৰাইজক বিশ্বাসঘাটক কৰিছে বুলি মন্তব্য কৰি ভূঞাই কয়,
“এই দুটা কাগজ কল ভৱিষ্যৎ প্ৰজন্মৰ বাবে চূড়ান্ত বিশ্বাসঘাতকতাৰ প্ৰতীক হিচাপে স্মৰণীয় হ’ব”।
তদুপৰি কাগজ কল দুটাৰ যন্ত্ৰ-পাতি পানীৰ দৰত বিক্ৰী কৰি “শ্বাহ”ৰ পুত্ৰৰ হাতত তুলি দিবলৈ চৰকাৰ উঠি পৰি লাগিছে বুলিও কয়।
মাজুলী নিৰ্বাচন সন্দৰ্ভত মন্তব্য কৰি সাংসদ ভূঞাই কয়, “মাজুলীৰ ভোটাৰ ৰাইজে বিজেপি দল আৰু চৰকাৰৰ আচল চৰিত্ৰ বুজি পাইছে”।
“আমি আশাবাদী,এইবাৰ মাজুলীবাসীয়ে খিলঞ্জীয়া বিৰোধী,জাতি বিৰোধী চৰকাৰখনক উপযুক্ত প্ৰত্যুত্তৰ দিব”।
ভুৱন গামৰ যোগ্যতাক লৈ ভূঞাৰ মন্তব্য, “ভুৱন গামৰ অতীত ভাল নহয়”।
“সোণাপুৰত এটা মিউজিয়াম জ্বলাই দিয়া বিষয়টোৰে একো তদন্ত নহ’ল”।
লগতে পঢ়ক- দৰিদ্ৰতাই শিক্ষাত হেঙাৰ হ’ব নোৱাৰে প্ৰমান কৰিলে লখিমপুৰৰ আইনুৱে