টীয়ক: অখিল গগৈৰ নেতৃত্বত এইবাৰ ৰাজ্যত পুনৰ চলিব আন্দোলন।

আজি টীয়কত অনুষ্ঠিত এক সংবাদমেলত শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে কয় যে চৰকাৰে যদি তেওঁলোকে প্ৰতিশ্ৰুতি দিয়া অনুসৰি ১ লাখ চাকৰি প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ নকৰে তেন্তে ৰাইজৰ দলে আন্দোলন আৰম্ভ কৰিব।

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ অহা বিধায়ক গৰাকীয়ে সংবাদমেলত জনোৱা মতে ৰাজ্য চৰকাৰে যদি প্ৰতিশ্ৰুতি অনুসৰি ১ লাখ নিবনুৱাক চাকৰি প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ নকৰে তেন্তে ৰাইজৰ দলে পহিলা মাৰ্চৰ পৰা ধাৰাবাহিক আন্দোলন আৰম্ভ কৰিব।

‘যদিহে চৰকাৰে তেওঁলোকৰ প্ৰতিশ্ৰুতি পালনৰ বাবে প্ৰক্ৰিয়া আৰম্ভ নকৰে তেতিয়াহলে মাৰ্চ মাহৰ ১ তাৰিখৰ পৰা প্ৰতি সপ্তাহত ৰাইজৰ দলে এবাৰকৈ আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰিব,’ তেওঁ কয়।

সংবাদমেলত তেওঁ নিজেই এই আন্দোলন আৰম্ভ কৰিব বুলি উল্লেখ কৰাৰ লগতে ৰাইজৰ দলৰ প্ৰতিখন জিলা সমিতিক হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক ১ লাখ নিবনুৱাক নিযুক্তি প্ৰদানৰ বাবে দাবী উত্থাপনৰ কাৰণে আন্দোলনৰ কাৰ্য্যসূচী গঢ়ি তুলিবলৈ আহ্বান জনায়।

বিজেপিৰ প্ৰতি ৰাইজৰ মোহভংগ ঘটা বুলি উল্লেখ কৰি শিৱসাগৰ সমষ্টিৰ বিধায়ক গৰাকীয়ে আগন্তুক পৌৰসভাৰ নিৰ্বাচনত ৰাইজৰ দলে শিৱসাগৰ পৌৰসভা দখল কৰিব বুলি দাবী কৰে।

লগতে পঢ়ক – শিৱসাগৰত অবৈধ বিল খননৰ বিৰুদ্ধে ৰাইজে অৱৰোধ কৰিলে পথ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply