শিৱসাগৰৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ

শিৱসাগৰ- শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱৰ্তীণ হব কৃষক নেতা অখিল গগৈয়ে ।
আজি অখিল গগৈৰ হৈ মনোনয়ন পত্ৰ সংগ্ৰহ কৰাৰ লগে লগে নেতাগৰাকীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হৈ পৰিল।
শিৱসাগৰ জিলা নিৰ্বাচনী বিষয়াৰ পৰা অখিল গগৈৰ হৈ মনোনয়ন পত্ৰ সংগ্ৰহ কৰে ।১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিত প্ৰতিদন্দিতা আগবঢ়াব কৃষক নেতা গৰাকীয়ে ।
অখিল গগৈৰ হৈ মনোনয়ন পত্ৰ সংগ্ৰহ কৰি ধৈৰ্য্য কোঁৱৰে কয় যে মনোনয়ন পত্ৰ সংগ্ৰহ কৰা হৈছে যেতিয়া অখিল গগৈ এই সমষ্টিত প্ৰতিদন্দিতা কৰাটো নিশ্চিত ।
উল্লেখ্য যে মঙলবাৰে অখিল গগৈয়ে কাৰাগাৰৰ পৰা অসমবাসীলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল আৰু সেই পত্ৰত তেওঁ প্ৰয়োজন হ’লে নিৰ্বাচনত অৱতীৰ্ণ নহয় বুলি ঘোষণা কৰিছিল। আনহাতে বীৰ লাচিত সেনাৰ শৃংখল চলিহাই কংগ্ৰেছত যোগদান কৰিব বুলি প্ৰচাৰ চলা সম্দৰ্ভত চলিহাই কয় কোনো বীৰ লাচিত সেনা অসমে কেতিয়াও ৰাষ্ট্ৰীয়তাবাদী শক্তিৰ ওচৰত আত্মসমৰ্পণ নকৰে। এই খবৰ সম্পূৰ্ণ ভুৱা আৰু ভিত্তিহীন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply