শিৱসাগৰ পৌৰসভা নিৰ্বাচনত বিফল হোৱাক মন্তব্য অখিল গগৈৰ।
“আমি হাৰিছো, সেইয়া স্বীকাৰ কৰিছো!
কিন্তু আমি হাৰিছো টকা, মদ, মাংসৰ বিজেপিৰ লেতেৰা ৰাজনীতিৰ বাবে।
বিজেপিয়ে টকাৰ জোৰত পৌৰসভাত জয়ী হৈছে, শিৱসাগৰত টকা, মদ বিলাই ভোট লোৱা নিজেই দেখিছো”
মাজুলীৰ উপ নিৰ্বাচন সম্পৰ্কে বিধায়ক অখিল গগৈৰ মন্তব্য, “পৰাজয় হলেও আমি বিৰোধী শক্তি একেলগ হৈ যুঁজ দিছো”
চৰকাৰত থকা এটা দলক ৮ মাহতে উপ নির্বাচনত হৰুৱাটো সহজ নহয় তথাপিও চিত্র বসুমতাৰীয়ে যথেষ্ট ভোট পাইছে। তাৰ বাবে মাজুলীৰ ৰাইজক ধন্যবাদ জনাইছে অখিলে। কালি ঘোষিত দেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ অখিল গগৈৰ মন্তব্য এটাঢৌ আহে তেতিয়া এটা দলে তিনিবাৰ মান চৰকাৰত থাকে, তাৰ পিছতেই জনতাৰ ভুল ভাঙে। সেই সময় চোৱাত বিৰোধীয়ে নিজৰ দায়িত্ব সুচাৰু ধৈয্য নেহেৰুৱাকৈ পালন কৰাতো প্ৰয়োজন।
পাঞ্জাৱত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰা AAP লৈ শুভেচ্ছা জনালে অখিল গগৈয়ে।
লগতে পঢ়ক- এক লাখ চাকৰি দিয়াৰ নামত বিজেপি ভুৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে ‘নিযুক্তি প্ৰতিবাদ’