ইতিহাস ৰচনা কৰি শিৱসাগৰ সমষ্টিৰ পৰা জয়ী হ’ল কাৰাবন্দী নেতা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ । কাৰাগাৰত বন্দিত্ব জীৱন কটাই বিধানসভা নিৰ্বাচনত জয়ী হৈ অসমৰ ৰাজনৈতিক জীৱনত নতুন যুগৰ সূচনা কৰিলে অখিল গগৈয়ে ।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ বিচনাৰ পৰা কেৱল পত্ৰৰ জৰিয়তে সমষ্টিবাসীৰ ওচৰত ভোট ভিক্ষা কৰিয়েই নিৰ্বাচনী বৈতৰণী পাৰ হৈ দিছপুৰ যাত্ৰাৰ পথ নিশ্চিত কৰিলে অখিলে ।
বিজেপিৰ প্ৰাৰ্থী সুৰভী ৰাজকুঁৱৰী আৰু কংগ্ৰেছৰ শুভ্ৰমিত্ৰ গগৈক বৃহৎ ব্যবধানত পৰাস্ত কৰি চমক সৃষ্টি কৰিলে অখিল গগৈয়ে । অখিলৰ এই জয়ে অসমৰ ৰাজনৈতিক ইতিহাসত সৃষ্টি কৰিলে নতুন ইতিহাসৰ ।
১৯৯১ চনত অসম বিধানসভা নিৰ্বাচনত আমগুৰি সমষ্টিৰ পৰা দিলীপ ঢ়েকিয়াল ফুকনে যোৰহাট কাৰাগাৰত বন্দী হৈ থকা অৱস্থাত সংযুক্ত লোক পৰিষদৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দিতা কৰি পৰাজয় বৰণ কৰিছিল ।
আনহাতে কাৰাগাৰত থাকিয়েই মনোনয়ন পত্ৰ দাখিল কৰা গৌৰীশংকৰ ভট্টাচাৰ্যই নিৰ্বাচনৰ নমাৰ পিছত পিছত জামিনত মুকলি হৈ আহি নিৰ্বাচনী প্ৰচাৰ চলাই জয়ী হৈছিল ভট্টাচাৰ্য ।
অখিলৰ ক্ষেত্ৰত পৃথক দিশটো হ’ল সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো তেও বন্দিত্বৰ মাজেৰেই পাৰ কৰিলে । এই বন্দীত্বৰ মাজতেই জয়লাভ কৰি অসমৰ ৰাজনীতিত এক নতুন যুগৰ সূচনা কৰিলে সংগ্ৰামী নেতা জনে ।
সংশোধিত নাগৰিকত্ব আইন কা বিৰোধীতা কৰি আন্দোলনত জপিয়াই পৰা অখিল গগৈক ২০১৯ চনৰ ডিচেম্বৰ মাহতে গ্ৰেপ্তাৰ কৰি জেললৈ নিক্ষেপ কৰিছিল ।

তেও জেলত থকা খিনি সময়চোৱাতে জন্ম হৈছিল নতুন ৰাজনৈতিক দল ৰাইজৰ দল । জেলত থাকিয়েই দলটো পৰিচালনা কৰি সমষ্টিবাসীৰ ওচৰত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল সংগ্ৰামী নেতাজন ।
কালিৰ নিৰ্বাচনী ফলাফলে সমষ্টিবাসীয়ে তেওক নেদেখাকৈ অথবা প্ৰচাৰ নচলোৱাকৈ তেওৰ পৰা নেতৃত্বৰ আশা কৰিলে শিৱসাগৰ বাসীয়ে ।
পুত্ৰ জেলত থকাৰ বাবেই অসুস্থ দেহাৰে মাতৃ প্ৰিয়দা গগৈয়েও ৰাইজৰ ওচৰলৈ গৈছিল পুত্ৰৰ হৈ ভোট ভিক্ষা কৰিবলৈ জয়ৰ আনন্দত মাতৃ প্ৰিয়দা গগৈয়ে কয় , “তাৰ দায়িত্ব এতিয়া বহু বাঢ়িল ।
শিৱসাগৰ বাসীৰ সুখে দুখে লগ দিয়াতো তাৰ কৰ্তব্য হ’ল । ৰাইজে এতিয়া সোণৰ অসম গঢ়িব লাগিব ।” লগতে অখিল গগৈৰ মাতৃয়ে শিৱসাগৰ বাসীৰ লগতে অসমৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে । ফলাফল ঘোষণাৰ পিছতেই অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীয়ে চিকিৎসাধীন হৈ থকা স্বামীক লগ ধৰাৰ পিছত কয়, “শিৱসাগৰ বাসীৰ মৰমৰ বাবেহে সম্ভব হৈছে । এইয়া অখিলৰ জয় নহয় ৰাইজৰ জয় । এই জয়ে পৰিয়ালটোক স্বস্তি দিছে ।
এতিয়াৰে পৰা তেওৰ দায়িত্ব অধিক বাঢ়িল, বিৰোধী বিধায়ক হিচাবে তেও নিজৰ দায়িত্ব পালন কৰিব লাগিব ।”
নিৰ্বাচন আয়োগৰ তথ্য মতে নিৰ্বাচনী ফলাফলত অখিল গগৈয়ে ৫৭,২১৯ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ সুৰভী ৰাজকুৱৰীয়ে ৪৫,৩৪৪ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ শুভমিত্ৰ গগৈয়ে ১৯,৩২৯ টা ভোট লাভ কৰিবলৈ সক্ষম হয় ।