নিউজ ডেস্ক: সন্তান জন্মৰ আগতেই বিজেপিয়ে অন্নপ্ৰাশনৰ দিন থিৰাং কৰে, এই মন্তব্য পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ। শুকুৰবাৰে কলিকতাত এক সংবাদমেলত সদ্য ঘোষিত পাঁচ ৰা্জ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত বিজপি বিজয় সম্পৰ্কে সাংবাদিকে শোধা প্ৰশ্নৰ উত্তৰত মমতা বেনাৰ্জীয়ে এইদৰে কয়।

গৰাকী সাংবাদিকে বিজেপিয়ে এই নিৰ্বাচনৰ ফলাফলক ২০২৪ চনত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে ‘বুষ্টাৰ’ তথা অহা নিৰ্বাচনত পুনৰ বিজেপি ক্ষমতা অহাৰ লগতে নৰেন্দ্ৰ মোদী প্ৰধান মন্ত্ৰী হ’ব বুলি কৰা মন্তব্য সন্দৰ্ভত মমতা বেনাৰ্জীৰ পৰা প্ৰতিক্ৰিয়া বিচৰাত তেওঁ এইদৰে কয়।

লোকসভা নিৰ্বাচনলৈ এতিয়াও দুটা বছৰ থকা অৱস্থাত এনে মন্তব্যৰ কোনো বাস্তৱ ভিত্তি নাই বুলি উল্লেখ কৰে। তেওঁ লগতে বিজেপিৰ বিৰুদ্ধে যুঁজ দিব খোজা সকলো ৰাজনৈতিক দল একগোট হ’ব লাগিব বুলি মন্তব্য কৰি কয় যে কংগ্ৰেছৰ ওপৰত নিৰ্ভৰ কৰি এতিয়া আৰু কোনো লাভ নাই।

কংগ্ৰেছে নিজৰ বিশ্বাসযোগ্যতা হেৰুৱাই পেলাইছে বুলি উল্লেখ কৰি কয়, ‘এসময়ত কংগ্ৰেছে গোটেই ভাৰততে শাসনভাৰ দখল কৰিছিল, কিন্তু এতিয়া তেওঁলোকক আগ্ৰহী যেন নালাগে, তেওঁলোকে নিজৰ বিশ্বাসযোগ্যতা হেৰুৱাই পেলাইছে।’

‘ইমান বিলাক আঞ্চলিক ৰাজনৈতিক দল আছে, এই আঞ্চলিক শক্তিসমূহ ঐক্যবদ্ধ হ’লে নিশ্চয় কিবা বাট ওলাব,’ তেওঁ কয়।

লগতে পঢ়ক – ৰাছিয়াৰ হৈ ইউক্ৰেইনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু মধ্য প্ৰাচ্যৰ ১৬,০০০ ‘স্বেচ্ছাসেৱী’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply