মৰিয়নি সমষ্টিৰ মনোনয়ন নাকচ হোৱা প্ৰাৰ্থী অলক ঘোষ চিকিৎসাধীন

যোৰহাট: সৌসিদিনালৈকে বিজেপিৰ হৈ প্ৰাৰ্থিত্ব বিচাৰি থকা মৰিয়নিৰ অলক ঘোষে নাপালে প্ৰাৰ্থিত্ব । লগে লগে অসম জাতীয় পৰিষদৰ হৈ মনোনয়ন দাখিল কৰে ঘোষে। মনোনয়ন পত্ৰত যথেষ্ট বিশংগতি ধৰা পৰাৰ বাবে নাকচ কৰে নিৰ্বাচন আয়োগে । অলক কুমাৰ ঘোষৰ মনোনয়ন পত্ৰৰ শপতনামাত আয়কৰ ৰিটাৰ্ণ আৰু শিক্ষাগত অৰ্হতাৰ সবিশেষ উল্লেখ নথকাত প্ৰাৰ্থীগৰাকীক দাখিল কৰাৰ দ্বিতীয় দিনা পুৱা ১১ বজাৰ ভিতৰত পুনৰ নতুন শপতনামা প্ৰদান কৰিবলৈ নিৰ্বাচন আয়োগে জাননী জাৰি কৰিছিল। প্ৰাৰ্থী গৰাকীয়ে নতুনকৈ শপতনামা জমা দিয়ে যদিও সেইখন শপত নামাতো কেইবাটাও দফা উকা হৈ থকাৰ বাবেই নাকচ কৰে নিৰ্বাচন আয়োগে। শেহতীয়াকৈ মৰিয়নি সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী গৰাকীয়ে অখিল গগৈৰ সমৰ্থনত প্ৰাৰ্থিত্ব নাকচ কৰাৰ বাবেই মনোনয়ন পত্ৰ ভুলকৈ দাখিল কৰিছিল।

ইয়াৰ পিছতে মৰিয়নি বিজেপিৰ টিকেট বঞ্চিত প্ৰাক্তন বিধায়ক অলক কুমাৰ ঘোষ গুৰুতৰ বাৱে অসুস্থ হৈ পৰে । উন্নত চিকিৎসাৰ বাৱে যোৰহাটৰ পৰা গুৱাহাটিলৈ প্ৰেৰণ কৰা হৈছে প্ৰাক্তন বিধায়ক জনক
শৰীৰত স্থাপন কৰিথোৱা পেচমেকাৰত বিসংগতি হোৱাৰ বাৱেই অসুস্থ হোৱা বুলি প্ৰকাশ । অসম জাতীয় পৰিষদৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱাৰ সময়ত নিৰ্বাচনী বিষয়াৰ কাৰ্য্যলয় সন্মুখত বাগৰি পৰিছিল
। বৰ্তমান যোৰহাট মিচন হাস্পাতালত চিকিৎসাধীন হৈ আছে প্ৰাক্তন বিধায়ক অলক কুমাৰ ঘোষ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply