নিউজ ডেস্ক: ভৱানীপুৰ আৰু জালুকবাৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ নকৰাকৈ দিল্লীলৈ উভতি যায় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ছত্তীশগড়ৰ মাওবাদী আক্ৰমণৰ ঘটনা পৰ্যবেক্ষণৰ উদ্দেশ্যে নিৰ্বাচনী প্ৰচাৰ সভাত অংশ নোলোৱাৰ সিদ্ধান্ত লয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। দেওবাৰে সৰভোগৰ লগতে ভৱানীপুৰ আৰু জালুকবাৰীতো নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথা আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। কেৱল সৰভোগ সমষ্টিৰ বৰপেটা ৰোড ষ্টেডিয়ামৰ জনসভাহে সম্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অন্তিম খন নিৰ্বাচনী সভা বৰপেটা ৰোডত অংশ লয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। বৰপেটা ৰোডত নিৰ্বাচনী প্ৰচাৰত অংশ লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বিৰোধীক তীব্ৰ কটাক্ষ কৰি কয়, বিগত শাসনকালত অসমত বিকাশৰ গতি তুৰাম্বিত হৈছে। এয়া কেৱল বিজেপি চৰকাৰৰ বাবেই সম্ভৱ হৈছে।