নিউজ ডেস্ক: নিৰ্বাচনত অংশ লোৱাৰ ক্ষেত্ৰত এজন প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতাৰ প্ৰয়োজনীয়তা নাই যদিও আধুনিক বিশ্বৰ সৈতে দেশখনক আগুৱাই নিয়াত এই সকল ৰাজনেতাৰ শিক্ষাদীক্ষা প্ৰয়োজনীয়তা নথকা নহয় । কাৰ্যক্ষেত্ৰত দেখা গ’ল ইয়াৰ এখন বিপৰীত ছবি । অসম বিধানসভাৰ ৪০ খন আসনৰ বাবে হবলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অংশ লব লগা ৩৩৭ গৰাকী প্ৰাৰ্থীৰ ভিতৰত দুজন শিক্ষাগত অৰ্হতাত উল্লেখ কৰিছে শিক্ষিত বুলি । সেইদৰে পঞ্চম শ্ৰেণীলৈকে ২জন, অষ্টম শ্ৰেণীলৈকে ১৯ জন, দশম শ্ৰেণীলৈকে পঢ়া ৪৪ জন প্ৰাৰ্থী আছে । ইয়াৰ বিপৰীতে স্নাতকোত্তৰ ৬৩ আৰু ডক্টৰেট প্ৰাৰ্থীৰ সংখ্যা ৪ জন ।
বয়সৰ ফালৰ পৰা ২৫ৰ পৰা ৩০ বছৰৰ ভিতৰত ৩২ জন, ৩১ৰ পৰা ৪০ ৰ ভিতৰত ৭২ জন প্ৰাৰ্থী থকাৰ বিপৰীতে ৭১ ৰ পৰা ৮০ বছৰৰো ৬ গৰাকী প্ৰাৰ্থী আছে । ৩৩৭ গৰাকী প্ৰাৰ্থীৰ ভিতৰত মহিলা প্ৰাৰ্থীৰ সংখ্যা হ’ল ২৫ গৰাকী ।৭০ বছৰৰ ওপৰৰ প্ৰাৰ্থী কেই গৰাকী হ’ল অসম জাতীয় পৰিষদৰ পাটাচাৰকুছিৰ প্ৰাৰ্থী পবিন্দ্ৰ ডেকা আৰু বৰক্ষেত্ৰী সমষ্টিৰ পুলকেশ বৰুৱা । বিপিএফৰ কোকৰাঝাৰ পূব সমষ্টিৰ প্ৰমিলাৰাণী ব্ৰহ্ম, বিজেপিৰ সৰভোগৰ শংকৰ চন্দ্ৰ দাস, মানকাচৰৰ নেচনেল পিপুলচ পাৰ্টিৰ আমিনুল ইছলাম আৰু দুজন নিৰ্দলীয় প্ৰাৰ্থী কোকৰাঝাৰ পূব সমষ্টিৰ শৈলেন্দ্ৰ নাথ ব্ৰহ্ম আৰু দিছপুৰ সমষ্টিৰ চৰণ চ্ন্দ্ৰ ডেকা ।
তৃতীয় পৰ্যায়ত অংশ ল’ব লগা ৩৩৭ জন প্ৰাৰ্থীৰ ২৩ জনেই হাইস্কুলৰ দেওনা অতিক্ৰম নকৰা
৩৩৭ গৰাকী প্ৰাৰ্থীৰ ভিতৰত মহিলা প্ৰাৰ্থীৰ সংখ্যা হ’ল ২৫ গৰাকী
