নিউজ ডেস্ক: প্ৰাৰ্থিত্ব তালিকাক লৈ কংগ্ৰেছ দলে সন্মুখীন হোৱা দলীয় কৰ্মীৰ বিক্ষোভৰ মাজতেই এইবাৰ
শাসকীয় বিজেপিৰ বিৰুদ্ধে আনিলে মহা-অভিযোগ৷ প্ৰকাশ কৰিলে শাসকীয় বিজেপিৰ বিৰুদ্ধে অভিযোগনামা৷ ৩৭ পৃষ্ঠাৰ অভিযোগনামাত লিপিবদ্ধ কৰিলে ৮৪টা অভিযোগ৷
দেওবাৰে ৰাজীৱ ভৱনত বিজেপিৰ বিৰুদ্ধে অভিযোগনামা প্ৰকাশ কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙে৷ তেওঁক সহযোগ কৰে সাংসদ আব্দুল খালেক, জ্যেষ্ঠ কংগ্ৰেছ নেতা দ্বিজেন শৰ্মা, ৱাজেদ আলী চৌধুৰী, ববিতা শৰ্মাই৷ বিজেপিৰ বিৰুদ্ধে অভিযোগনামাৰ পুস্তিকা উন্মোচন কৰি জীতেন্দ্ৰ সিঙে ক’লে- “পাঁচ বছৰত বিজেপি চৰকাৰে কৰা কামৰ অভিযোগনামা আমি প্ৰস্তুত কৰিছো৷ ২০১৬ত জাতি–মাটি-ভেটিৰ শ্লোগান দিয়া বিজেপি দলে জাতি-মাটি-ভেটিৰ বিৰুদ্ধে গৈ কা আনিলে৷ প্ৰতিবছৰে পাঁচ লাখকৈ চাকৰি দিয়া হ’ব বুলি কৈছিল বিজেপিয়ে ৷

তত্বাবধায়ক অসমৰ বিজেপি চৰকাৰক সমালোচনা কৰি জীতেন্দ্ৰ সিঙে লগতে ক’লে- “দিল্লীৰ পৰা ৰিম’ট কন্ট্ৰ’ল টিপিলেই অসমত অসমীয়াৰ সা-সম্পত্তি বিক্ৰি হয়৷ এই চৰকাৰ ছিণ্ডিকেটৰ চৰকাৰৰ৷
মুখ্যমন্ত্ৰী আৰু এজন ছুপাৰ মুখ্যমন্ত্ৰীয়ে পৃথকে পৃথকে ছিণ্ডিকেটৰাজ চলাই আছে৷ বুলিও মন্তব্য কৰে সিঙে |

কংগ্ৰেছে চৰকাৰ গঠন কৰিলে কোন মুখ্যমন্ত্ৰী হ’ব গৌৰৱ গগৈ নে ৰিপুণ বৰা ? উত্তৰত জীতেন্দ্ৰ সিঙে ক’লে- “কংগ্ৰেছৰ কৰ্মীয়েই মুখ্যমন্ত্ৰী হ’ব৷ অসমৰ  মাটিৰ সন্তানেই মুখ্যমন্ত্ৰী হ’ব৷ আমাৰ চৰকাৰত এজনেই মুখ্যমন্ত্ৰী হ’ব, দুজন নাথাকে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply