নিউজ ডেস্ক: প্ৰাৰ্থিত্ব তালিকা চূড়ান্ত কৰাৰ পিছতো অগপই এতিয়ালৈকে দলৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা নাই । দলীয় কৰ্মীৰ ৰোষত পৰাৰ সম্ভাবনা স্পষ্ট হৈ যোৱাৰ বাবেই পিছুৱাই আছে ঘোষণা কৰাৰ সময় । শুকুৰবাৰে বিগ ব্ৰাডাৰ বিজেপিয়ে প্ৰাৰ্থী তালিকা চূড়ান্ত কৰাৰ পিছতেই অগপইয়ো প্ৰায় চূড়ান্ত কৰি
ছে তেওঁলোকৰ প্ৰাৰ্থী তালিকা। অহা দেওবাৰে আনুষ্ঠানিক ভাৱে আঞ্চলিক দলটোৱে ঘোষণা কৰিব প্ৰাৰ্থী তালিকা। দলটোৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত , উৎপল দত্ত, নৰেন সোণোৱাল, সত্যব্ৰত কলিতাৰ দৰে বিধায়কক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰাৰ পিছতেই দলৰ কৰ্মীসকলৰ মাজত বিসম্বাদে ভয়ানক ৰূপ লোৱাৰ বাবেই দলীয় নেতৃত্বই প্ৰাৰ্থিত্ব ঘোষণাৰ সময় পিছুৱাই গৈছে ।
প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হোৱা সন্দৰ্ভত প্ৰফুল্ল কুমাৰ মহন্তই নাগৰিকত্ব সংশোধনী আইন বিৰোধী স্থিতি গ্ৰহণ কৰা দলৰ লগত তেওঁ থকাৰ কথা উল্লেখ কৰে। মহন্ত পত্নী জয়শ্ৰী গোস্বামী মহন্তই অগপক তীব্ৰ সমলোচনা কৰি প্ৰাৰ্থীত্ব বিচাৰি দিল্লীলৈ যোৱাটো লজ্জাজনক কথা বুলি মন্তব্য কৰে ।
কিছুদিনৰ আগতে অগপত যোগদান কৰা অসম সাহিত্য সভাৰ প্ৰাক্তণ সভাপতি পৰমানন্দ ৰাজবংশীয়ে প্ৰাৰ্থিত্ব নোপোৱাৰ খবৰ পাই হাতীৰ পৰা নামি এতিয়া গেৰুৱা হ’ল।
বোকাখাত- অতুল বৰা
কলিয়াবৰ- কেশৱ মহন্ত
বঙাইগাঁও- ফনীভূষন চৌধুৰী
আমগুৰি- প্ৰদীপ হাজৰিকা
নাওবৈছা -জয়ন্ত খাউণ্ড
তেজপুৰ- বৃন্দাবন গোস্বামী
ছয়গাওঁ- ডা: কমলা কলিতা
সৰুক্ষেত্ৰী- কল্পনা পাটোৱাৰী
বকো- জ্যোতি দাস
ৰহা- বিষ্ণু দাস
উত্তৰ অভায়াপুৰী- ভূপেন ৰায়
মানকাছাৰ- জাভেদ ইছলাম
পূৱ গোৱালপাৰা- জ্যোতিষ দাস
দেৰগাঁও- ভৱেন্দ্ৰ নাথ ভৰালী
পশ্চিম গুৱাহাটী- ৰমেন্দ্ৰ নাৰায়ণ কলিতা
চাবুৱা- পোনাকন বৰুৱা
টিয়ক- শ্যামকানু মহন্ত