প্ৰতিনিধিত্বমূলক ছবি

নিউজ ডেস্কঃ অসম বিধান সভাৰ নিৰ্বাচনৰ শেহতীয়া ফলাফল অনুসৰি বিজেপি মিত্ৰজোঁটে ৭৫খন, কংগ্ৰেছ মহাজোঁটে ৫০ খন আৰু অন্যান্যই ১খন আসন লাভ কৰিছে।

বিজেপিয়ে অকলে ৬০খনত, কংগ্ৰেছে ২৯খনত, এআইইউডিএফে ১৬খন, অগপই ৯খন, ইউপিপিএলে ৬খন আসন লাভ কৰিছে।

ৰাজ্যৰ কেইবাটাও সমষ্টিত প্ৰাৰ্থীৰ বিজয় নিশ্চিত হৈছে । জাগীৰোড সমষ্টিত বিজয়ী হৈছে পিয়ুষ হাজৰিকা, কমলপুৰত বিজেপিৰ দিগন্ত কলিতা বিজয়ী হৈছে।

হাজোত বিজেপিৰ সুমন হৰিপ্ৰিয়া বিজয়ী, টিংখাঙত বিজেপিৰ বিমল বৰাৰ জয়, জোনাইত বিজেপিৰ ভূৱন পেগুৰ জয়, লখিমপুৰত বিজেপিৰ মানৱ ডেকাৰ জয়, তিতাবৰত কংগ্ৰেছৰ ভাস্কৰজ্যোতি বৰুৱাৰ জয়, সৰুপথাৰত বিজেপিৰ বিশ্বজিৎ ফুকনৰ জয়, জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়। ১লাখ ১হাজাৰ ৯১১ টা ভোটৰ ব্যৱধানত হিমন্ত বিশ্ব শৰ্মাৰ জয়।

মৰিগাঁৱত বিজেপিৰ ৰমাকান্ত দেউৰীৰ জয়লাভ,দেৰগাঁৱত অগপৰ ভৱেন ভৰালী বিজয়ী।

চামগুৰি সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী ৰকিবুল হুছেইন। চামগুৰি সমষ্টিত কংগ্ৰেছে লাভ কৰিছে ৮৩৪৮৯টা ভোট, বিজেপিয়ে লাভ কৰিছে ৫৪৮৩৯। কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে ২৮৬৫০টা ভোটত অগ্ৰগতি লাভ কৰিছে।

বিশ্বনাথত বিজেপিৰ প্ৰমোদ বৰঠাকুৰৰ ৮৯২৩ টা ভোটত জয়লাভ, তিনিচুকীয়াত বিজেপি প্ৰাৰ্থী সঞ্জয় কিষাণ, বোকাখাতত অগপৰ সভাপতি অতুল বৰা, কলিয়াবৰত অগপৰ কেশৱ মহন্ত, কোকৰাঝাৰ পূব সমষ্টিত ইউপিপিএলৰ লৰেন্স ইছলাৰী, বিহালী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত, মাৰ্ঘেৰিটাত বিজেপিৰ ভাস্কৰ শৰ্মা, তেজপুৰত অগপৰ পৃথ্বীৰাজ ৰাভা, কলিয়াবৰত অগপৰ কেশৱ মহন্ত, ডিব্ৰুগড়ত বিজেপিৰ প্ৰশান্ত ফুকন, ঢেকীয়াজুলিত বিজেপিৰ অশোক সিংঘাল, মৰিয়নিত কংগ্ৰেছৰ ৰূপজ্যোতি কুৰ্মী, দক্ষিম শালমাৰাত কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীৰ জয়।

ইফালে, নগাঁও সদৰ সমষ্টিত ১৪ ৰাউণ্ডৰ পিছত ৰূপক শৰ্মাই লাভ কৰিছে ৮১০৯৮ টা
শান্তনু শৰ্মাই ৭০০১৬ টা ভোট লাভ কৰিছে। ৰূপক শৰ্মা ১১০৮২টা ভোটত জয় লাভ কৰিছে।

মঙলদৈত কংগ্ৰেছৰ বসন্ত দাস বিজয়ী, নাওবৈচাত বিজয়ী হৈছে কংগ্ৰেছৰ ভৰত নৰহ,ধৰ্মপুৰত বিজেপিৰ চন্দ্ৰমোহন পাটোৱাৰী ,মঙলদৈত কংগ্ৰেছৰ বসন্ত দাস,ভৱানীপুৰ সমষ্টিত এআইইউডিএফৰ ফণী তালুকদাৰ,ৰহাত কংগ্ৰেছ প্ৰাৰ্থী শশীকান্ত দাস,বাক্সাৰ তিনিটা সমষ্টিতে বিজয়ী ইউ পি পি এল দলৰ প্ৰাৰ্থী।

টিয়কত অগপৰ ৰেণুপমা ৰাজখোৱাৰ জয়।মৰাণত  বিজেপিৰ চক্ৰধৰ গগৈৰ জয়।সোণাৰীত  বিজেপিৰ ধৰ্মেশ্বৰ বৰাৰ জয়।মাহমৰাত বিজেপিৰ যোগেন মহন,চাবুৱাত অগপৰ  পোনাকন বৰুৱাৰ বিজয়।

বোকাজানত বিজেপিৰ নোমল বৰাৰ জয়,পানেৰীত বিজয়ী হৈছে বিজেপিৰ বিশ্বজিৎ দৈমাৰী।

বঙাইগাঁৱত জয়ী হৈছে মন্ত্ৰী তথা অগপ নেতা ফণীভূষণ চৌধুৰী,বোকাখাত সমষ্টিত জয় লাভ কৰিছে অগপৰ সভাপতি অতুল বৰাই।

বটদ্ৰৱাত বিজয়ী হৈছে কংগ্ৰেছৰ শিৱামণি বৰা,বকোত বিজয়ী হৈছে নন্দিতা দাস(কংগ্ৰেছ)-১২০৪২০।নন্দিতা দাসে জয়লাভ কৰে ৫৩৪২০ টা ভোটত,পলাশবাৰী সমষ্টিত জয়ী হৈছে হেমাংগ ঠাকুৰীয়া (বিজেপি)। বিজেপিৰ হেমাংগ ঠাকুৰীয়া জয়ী হয়৩৯৯১২ ভোটত।

 ছয়গাঁৱত জয়ী হৈছে ৰেকিবুদ্দিন আহমেদ (কংগ্ৰেছ)। ৩৩৭৯২ টা  ভোটত জয়লাভ কংগ্ৰেছৰ ৰেকিবুদ্দিন আহমেদে,অভয়াপুৰী দক্ষিণত কংগ্ৰেছৰ প্ৰদীপ সৰকাৰৰ জয়লাভ।

অভয়াপুৰী উত্তৰত  কংগ্ৰেছৰ আব্দুল বাতেন খণ্ডকাৰৰ জয়লাভ,ওদালগুৰিত ইউপিপিএলৰ প্ৰাৰ্থী গোবিন্দ বসুমতাৰী,ছিপাঝাৰ সমষ্টিত বিজেপিৰ পৰমানন্দ ৰাজবংশীৰ জয়লাভ।


Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,878 other subscribers

Leave a comment

Leave a Reply