গুৱাহাটী – অসম বিধানসভা নিৰ্বাচনকলৈ তৎপৰ হৈ উঠিছে প্ৰতিটো ৰাজনৈতিক দল। ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ চাৰিটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দল সমূহে ব্যাপক প্ৰচাৰ অভিযান গঢ়ি তুলিছে। শাসকীয় বিজেপি দলে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনকলৈ প্ৰচাৰ চলাই থকাৰ মাজতে মঙলাবাৰে মুকলি কৰিলে অসম বিধানসভা নিৰ্বাচনকলৈ দলটোৰ ইস্তাহাৰ।

মঙলাবাৰে মহানগৰীৰ হোটেল তাজ ভিভান্টাত বিজেপিয়ে মুকলি কৰিলে অসম বিধানসভা নিৰ্বাচনৰ বাবে দলটোৰ নিৰ্বাচনী ইস্তাহাৰ। বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই মুকলি কৰিলে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ। ইস্তাহাৰ মুকলি অনুষ্ঠানত জে পি নাড্ডাৰ লগতে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং, নৰেন্দ্ৰ সিং তোমৰ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ কেইবাগৰাকী নেতা।

বিজেপিয়ে মুকলি কৰা নিৰ্বাচনী ইস্তাহাৰত দলটোৱে অসম বিধানসভা নিৰ্বাচনকলৈ ১০ টাকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। পুনৰবাৰ শাসনলৈ আহিলে বিজেপিয়ে প্ৰথমে অসমৰ জনতাক বানপানীৰ বিভীষিকাৰ পৰা মুক্ত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। বিজেপিয়ে অৰুণোদয় আঁচনিৰ ধন ৰাশি বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি অৰুণোদয় আঁচনিৰ ধন মহিলী তিনি হাজাৰলৈ বৃদ্ধি কৰিব বুলি নিৰ্বাচনী ইস্তাহাৰত ঘোষণা কৰিছে।

পুনৰ বাৰ অসমত চৰকাৰ গঠন কৰিলে বিজেপিয়ে নামঘৰ সমূহৰ সুদৃঢ়কৰণৰ লগতে সত্ৰৰ অধিকাৰ ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। বিজেপিয়ে ৰাজ্যখনক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীৰ উৎপাদনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব বুলিও নিৰ্বাচনী ইস্তাহাৰত ঘোষণা কৰিছে। ৰাজ্যৰ নাগৰিক সকলক ভূমিৰ অধিকাৰ প্ৰদান কৰি নাগৰিক সকলক সবল কৰি তোলাৰ প্ৰতিশ্ৰুতিও নিৰ্বাচনী ইস্তাহাৰত ঘোষণা কৰিছে দলটোৱে।

ইফালে সংশোধিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জিৰ জৰিয়তে বিজেপিয়ে ৰাজ্যৰ অধিকাৰ সুৰক্ষিত কৰিব বুলিও নিৰ্বাচনী ইস্তাহাৰত ঘোষণা কৰিছে। অসমৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে বিজেপিয়ে সমষ্টিৰ সীমা নিৰ্ধাৰণ কৰিব বুলিও ঘোষণা কৰিছে। দেশৰ ভিতৰতে অসমক দ্ৰুত কৰ্ম সংস্থাপন প্ৰদানকাৰী ৰাজ্য হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বিজেপিয়ে। অসমৰ শিশু সকলৰ উজ্বল ভৱিষ্যত নিশ্চিত কৰাৰ লগতে অসমক আটাইতকৈ উদ্যামিতা সমৃদ্ধ ৰাজ্য হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বিজেপিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply