নিউজ ডেস্ক: অসম বিধানসভাৰ অহা ৬ এপ্ৰিলত হ’বলগা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অংশগ্ৰহন কৰা প্ৰাৰ্থীসকলৰ ভিতৰতো আছে বহুজন অপৰাধী গোচৰত অভিযুক্ত প্ৰাৰ্থী । এডিআৰৰ শেহতীয়া তথ্যত এই কথা পোহৰলৈ আহিছে । মুঠ ৪০ টা সমষ্টিৰ বাবে ৩৩৭ গৰাকী প্ৰাৰ্থী তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অবতীৰ্ণ হৈছে । ইয়াৰে কংগ্ৰেছৰ ২৪ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে আছে গোচৰ , তাৰ ভিতৰত ১৩ গৰাকীৰ বিৰুদ্ধে আছে গুৰুত্বৰ অপৰাধ । নিৰ্দলীয় ১২৫ গৰাকীৰ ভিতৰত ২৩ গৰাকীৰ বিৰুদ্ধে আছে গোচৰ । বিজেপিৰ ২০ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৫ গৰাকীৰ বিৰুদ্ধে আছে গোচৰ । নমিনেচন দাখিল কৰা সময়ত এই তথ্য প্ৰাৰ্থীসকলে নিজেই উল্লেখ কৰিছে ।

মহিলা বিৰুদ্ধে অপৰাধীৰ তালিকাত শীৰ্ষত আছে হাজো সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দুলু আহমেদ । হত্যাকান্ডৰ সৈতে জড়িতৰ তালিকাত শীৰ্ষত আছে অগপৰ গোৱালপাৰা পশ্চিম সমষ্টিৰ প্ৰাৰ্থী শ্বেখ শ্বাহ আলম ।
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অংশ লোৱা প্ৰাৰ্থীসকলৰ ভিতৰত বৰমা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰনীয়াৰ বিপক্ষে সৰ্বাধিক ১৭টা গোচৰ আছে । প্ৰথম পাঁচটা স্থানত থকাসকল হ’ল ক্ৰমে কংগ্ৰেছৰ ৰেকিবুদ্দিন আহমেদ, মনজিত মহন্ত, মনোৰঞ্জন ব্ৰহ্ম আৰু দুলু আহমেদ ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply