বোকাখাত, উত্তম কুমাৰ শৰ্মা: বৃহস্পতিবাৰে বোকাখাতৰ অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত হৈ যায় ভাৰতীয় জনতা পাৰ্টীৰ বোকাখাত মণ্ডল সংখ্যালঘু মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা।

সভাৰ আৰম্ভণিতে বোকাখাত মণ্ডল সংখ্যালঘু মৰ্চ্চাৰ সভাপতি ৰহিমউদ্দিন আহমেদে পতাকা উত্তোলন আৰু বোকাখাত মণ্ডল বিজেপিৰ সভাপতি জীৱেশ্বৰ হাজৰিকাই বন্তি প্ৰজলন কৰে। সভাত উপস্থিত আছিল বিজেপিৰ ৰাজ্যিক কায্যনিৰ্বাহক সদস্য আকাশ ফুকনৰ লগতে জিলা সংখ্যালঘু মৰ্চ্চাৰ সভাপতি চালেহ আখতাৰ আহমেদ, জিলা সম্পাদক নজৰুল জামান, কায্যনিবাহক সদস্য চায়েৰা বেগম, বোকাখাত মণ্ডল বি জে পি ৰ সাধাৰণ সম্পাদকদ্বয় মৃণাল দাস, ৰীতা তালুকদাৰ, উপ সভাপতি নৰেন শৰ্মা, সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ নবিউল হুছেইন আৰু বিভিন্ন মৰ্চাৰ সভাপতি ও সাধাৰণ সম্পাদক সকলৰ লগতে বোকাখাত বিজেপিৰ বিষয়ববীয়া আৰু সদস্যসকল।

সভাত আগন্তুক পৌৰসভাৰ নিৰ্বাচনত বোকাখাতৰ দহটা ৱাৰ্ডতে বিজেপি প্ৰাৰ্থীক জয়ী কৰাই এখন সৱল পৌৰসভা সমিতি গঠনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বিষয়তো আলোকপাত কৰা হয়।

সভাৰ মাজতে সদ্য প্ৰয়াত সুৰ সম্ৰাজ্ঞী লতা মংগেশ্বকাৰৰ লগতে ৰাজ্যৰ জনপ্ৰিয় কণ্ঠশিল্পী অপূৰ্ব বেজবৰুৱাৰ আত্মাৰ চিৰশান্তি কামনাৰে উপস্থিত সদস্যসকলে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে।

লগতে পঢ়ক – বোকাখাতত শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত কৃষকক তৎকালীন ক্ষতিপূৰণৰ দাবী কৃষকসভাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply