নিউজ ডেস্ক: কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত শাসনাধিষ্ঠ বিজেপিয়ে ২৬ টা সমষ্টিৰ আটাই কেইখন আসনতে জয়লাভ কৰি পুনৰ ক্ষমতা দখল কৰে।
সোমবাৰে ঘোষণা হোৱা নিৰ্বাচনৰ ফলাফলত প্ৰধান বিৰোধী দল কংগ্ৰেছে এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল।
যোৱা বুধবাৰে অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনত প্ৰায় ৭৮ শতাংশ ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।
উল্লেখযোগ্য যে যোৱা বছৰ ছেপ্টেম্বৰত কাৰ্বি আংলঙৰ পাঁচটা বিদ্ৰোহী গোটৰ সৈতে এক শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত অনুষ্ঠিত হয় এই নিৰ্বাচন। ১৯৯৫ আৰু ২০১১ চনৰ পিছত জিলাখনত থকা বিদ্ৰোহী গোটসমূৰ লগত তৃতীয়বাৰৰ বাবে এনে চুক্তি স্বাক্ষৰিত হৈছে।
যোৱা বছৰ চুক্তি স্বাক্ষৰ হোৱাৰ পিছত ১০০০-তকৈ অধিক সংখ্যক বিদ্ৰোহীয়ে আত্মসমৰ্পন কৰিছিল আৰু চৰকাৰৰ তৰফৰ পৰা ৫ বছৰৰ বাবে ১০০০ কোটি টকাৰ এক বিশেষ উন্নয়নৰ পেকেজ ঘোষণা কৰা হৈছিল।
লগতে পঢ়ক – মহানগৰীত ভূমিস্খলনত নিহত চাৰিজন