গোৰেশ্বৰ: আগন্তুক গুৱাহাটী পৌৰনিগম নিৰ্বাচনত আটাইকেইটা ৱাৰ্ডতে বিজেপি মিত্ৰজোঁটে জয়লাভ কৰিব বুলি দাবী কৰিছে সাংসদ তথা দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই।

গোৰেশ্বৰত বিজেপিৰ এখন দলীয় সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত মঙলদৈ লোকভাৰ সমষ্টিৰ সাংসদ গৰাকীয়ে অহা ২২ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া পৌৰনিগম নিৰ্বাচনত মহানগৰবাসীয়ে বিজেপি মিত্ৰজোঁটক বিপুল ভোটত জয়লাভ কৰাব বুলি কয়।

আনহাতে, সাংবাদিকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ এফাকি কবিতা আওৰাই ভূপেন বৰাক কটাক্ষ কৰে।

ভূপেন বৰাক উদ্দেশ্যী তেওঁ কয়, ”সুখ সুখ বুলি মানুহ বলিয়া, নেদেখে সুখৰ মুখ, সুখ বিচাৰোতে পায় সংসাৰত, দুখৰ ওপৰত দুখ’ – ভূপেন বৰাই পৌৰনিগম দখল কৰিম বুলি ভাবি সুখানুভূতি লৈ আছে কিন্ত গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে বিপুল ভোটত জয়ী হ’ব।”

গোৰেশ্বৰত বিজেপিৰ দলীয় কৰ্মীৰ লগত মতবিনিময় অনুস্থানত উপস্থিত থাকি দিলীপ শইকীয়াই এই মন্তব্য কৰে।

ইয়াৰ উপৰি মূল্যবৃদ্ধিৰ ওপৰতো মন্তব্য কৰি তেওঁ কয় যে ভাৰতক যিমান খাৰুৱা তেল লাগে তাৰ ৮৫ শতাংশ তেল বিদেশৰ পৰা আহে, ১৫ শতাংশ তেলহে ভাৰতত তৈয়াৰ হয় সেয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ দাম বৃদ্ধি হোৱাত ভাৰততো মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰিছে।

লগতে পঢ়ক – GMC নিৰ্বাচনঃ বুজিব লাগিব গুৱাহাটীবাসীৰ ‘সমস্যা’ আৰু ‘মন’…

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply