বোকাখাত, উত্তম কুমাৰ শৰ্মা: সমগ্ৰ ৰাজ্যৰ লগতে বোকাখাততো দেওবাৰে পুৱা ৮ বজাৰ পৰা ২১টা কেন্দ্ৰত আৰম্ভ হোৱা পৌৰসভা নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া বিয়লি ৪ বজাত শান্তিপূৰ্ণ ভাৱে সামৰণি পৰে।

১০টা ৱাৰ্ডৰ বাবে ৩০গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়োৱা নিৰ্বাচনটোত সৰ্বমুঠ  ১৫,৩০০ গৰাকী ভোটাৰৰ  বিপৰীতে ভোটদানৰ হাৰ আছিল ৬৭.২৮শতাংশ। ইয়াৰে পুৰুষ ভোটাৰৰ হাৰ ৬৭.১৯শতাংশ হোৱাৰ বিপৰীতে মহিলা ভোটাৰৰ হাৰ ৬৭.৩৭শতাংশ।

ইফালে পুৱা ৯.২১ বজাত বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই ভোটদান সাব্যস্ত কৰে বোকাখাতৰ ৯ নং ৱাৰ্ডৰ খ্ৰীষ্ট্ৰজ্যোতি হাইস্কুলৰ ভোটকেন্দ্ৰত।

উল্লেখযোগ্য যে, মন্ত্ৰীগৰাকীয়ে ভোটদান কৰা ভোটকেন্দ্ৰটোত আছে মুঠ ১৫১০জন ভোটাৰ। লগতে ৱাৰ্ডটোত  মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীৰ বিপৰীতে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দিতা আগবঢ়াইছে বোকাখাতৰ প্ৰাক্তন বিধায়ক জীতেন গগৈৰ কনিষ্ঠ পুত্ৰই।

নিৰ্বাচনটোত প্ৰতিদন্দিতা আগবঢ়োৱা ৩০গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৬ গৰাকী অসম গণ পৰিষদৰ প্ৰাৰ্থী হোৱাৰ লগতে ৪ গৰাকী বিজেপিৰ, ৯ গৰাকী জাতীয় কংগ্ৰেছৰ, ৩গৰাকী অসম জাতীয় পৰিষদৰ আৰু ৮গৰাকী নিৰ্দলীয় প্ৰাৰ্থী‌।

উল্লেখ্য যে ৩০ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৭ নং ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱা কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়েই বোকাখাত পৌৰসভা নিৰ্বাচনৰ কনিষ্ঠ প্ৰাৰ্থী হিচাপে বিবেচিত হৈছে।

লগতে পঢ়ক – টেষ্ট ক্ৰিকেটত দ্বিতীয় সৰ্বাধিক উইকেট দখল কৰা ভাৰতীয় ব’লাৰৰ অভিলেখ অশ্বিনৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply