ৰাজ্যৰ ৰাজনীতিত ইটোৰ পিছত সিটো আঞ্চলিক দলক নিজৰ আয়ত্তলৈ অনাই নহয়, সমগ্ৰ দলটোকে অতি কম সময়ৰ ভিতৰতে গ্ৰাস কৰাত অভ্যস্ত বিজেপিয়ে, দীৰ্ঘদিনীয়া পৰিকল্পনাৰ অংশ হিচাপে পৰৱৰ্তী লক্ষ্য স্থিৰ কৰিছে বড়োভূমিৰ দুই আঞ্চলিক ৰাজনৈতিক দলৰ ওপৰত।

হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বড়োলেণ্ড পিপলছ ফ্ৰণ্ট চমুকৈ বিপিএফ আৰু প্ৰমোদ বড়ো নেতৃত্বাধীন ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল চমুকৈ ইউপিপিএলক বিটিআৰৰ পৰা উৎখাত কৰাৰ কুচকাৱাজ আৰম্ভ হৈছে। অৱশ্যে মিত্ৰতাৰ টোপ দি ৰাজ্যৰ ৰাজনীতিত বিজেপিৰ অংশীদাৰ কৰি ৰখা হ’ব দুয়োটা দলক। তাৰ পৰিৱৰ্তে বড়োভূমিৰ শাসনৰ বাঘজৰী বিজেপিৰ হাতত তুলি দিব লাগিব দুই আঞ্চলিক বড়ো ৰাজনৈতিক দলে। কাৰ্যতঃ এই ভয়ংকৰ ব্লুপ্ৰিণ্টৰ কথাই প্ৰকাৰন্তৰে কৈ পেলালে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।

২০২৫ত বিজেপিয়ে বিটিএডি সম্পূৰ্ণ দখলৰ পৰিকল্পনা কৰিছে নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত ভৱেশ কলিতাই কয়, ‘‘লাহে লাহে কাম হ’ব। ২০২৪ ৰ লোকসভা (নিৰ্বাচন)-ৰ পিছত হ’ব কাম। ডেষ্টিনেশ্যন আছে আমাৰ। ডেষ্টিনেশ্যন আমি reach কৰিবই লাগিব।’’

ইফালে অন্তিম দুবছৰ হ’লেও পুনৰ বিটিআৰৰ নেতৃত্বৰ আসনত বহাৰ আশা লৈ বিজেপি নেতৃত্বৰ দুৱাৰে দুৱাৰে ঘুৰি ফুৰা হাগ্ৰামা মহিলাৰী বহুদিন ধৰি বড়োভূমিৰ ৰাজনীতিৰ পৰা অদৃশ্যপ্ৰায়। আনহাতে প্ৰমোদ বড়োৱেও কৈছে, ‘‘২০২৫ ৰ নিৰ্বাচনলৈ বহু দিন আছে। ক’ৰ পানী ক’লৈ যায় চাওঁচোন।’’ 

ইতিমধ্যে অবড়ো নাগৰিক সুৰক্ষা মঞ্চ, গণ সুৰক্ষা পাৰ্টী দৰে গোট, দল বিজেপিৰ হাতৰ মুঠিত। কেৱল সেয়াই নহয়, এসময়ত বিপিএফৰ দখলত থকা তামুলপুৰ সমষ্টিৰ দুবাৰৰ বিধায়ক তথা বিটিআৰৰ শক্তিশালী নেতা ইমানুৱেল মুছাহাৰীক শিখণ্ডী কৰি তামুলপুৰ সমষ্টি বিজেপিৰ দখললৈ নিয়াৰ সফল কৌশলৰ কথা এতিয়াও তামুলপুৰৰ ভোটাৰ ৰাইজে পাহৰা নাই। লোকসভা নিৰ্বাচনত বিজেপিৰ টিকটেৰে নিৰ্বাচনত অৱতীৰ্ণ কৰোৱাৰ প্ৰলোভনেৰে মুছাহাৰীৰ দৰে জনপ্ৰিয় আৰু উচ্চ-শিক্ষিত নেতাক ৰাজনীতিৰ পৰাই একাষৰীয়া কৰি পেলোৱা হ’ল।

ক্ষুদ্ৰ ক্ষুদ্ৰ আঞ্চলিক ৰাজনৈতিক দলক, বিশেষকৈ জনজাতীয় অধ্যুষিত এলেকাৰ ৰাজনৈতিক দলক সুপৰিকল্পিত ৰণনীতিৰে নিজৰ আয়ত্ত্বলৈ অনাৰ দক্ষতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ নহয়। আৰু সেই একেই সমীকৰণ ব্যৱহাৰ কৰি এইবাৰ ২০২৫ ৰ বিটিআৰ নিৰ্বাচনত বিজেপিয়ে শক্তিশালীভাৱে বিটিআৰ দখলৰ ৰণনীতি যুগুত কৰাৰ কাম আৰম্ভ কৰি দিছে।

পুনৰ দোহাৰা নিস্প্ৰয়োজন যে মাত্ৰ ৪ টা বছৰতে বড়োভূমিত শক্তিশালী হৈ উঠা বিজেপিয়ে ২০২০ চনৰ বিটিআৰ নিৰ্বাচনত লাভ কৰিছিল গুৰুত্বপূৰ্ণ ৯ খনকৈ আসন। তাৰ পৰিৱৰ্তে স্থানীয় দল ইউপিপিএলে ১২ খন আৰু তদানীন্তন শাসনাধিষ্ঠিত হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলে লাভ কৰিছিল ১৭ খনকৈ আসন। বিপিএফৰ সৈতে মিত্ৰতা কৰি চৰকাৰ গঠন কৰিলে খুব এটা সুবিধাজনক স্থিতিত নথকাৰ পূৰ্বানুমানেৰে প্ৰমোদ বড়োৰ ১২ খন আসন হাতত লৈ বিটিআৰ দখল কৰিছিল বিজেপিয়ে।

এইবাৰো ডেষ্টিনেশ্যন স্থিৰ কৰি কাম আৰম্ভ কৰাৰ কথা স্বয়ং ৰাজ্যিক বিজেপিৰ সভাপতিয়েই নিজ মুখেৰে উল্লেখ কৰিছে। গতিকে ৪০ খন আসনৰ বিটিআৰ নিৰ্বাচনত যে একক সংখ্যাগৰিষ্ঠতা নহ’লেও কিংমেকাৰৰ ভুমিকাত অৱতীৰ্ণ হোৱাৰ যো-জা বিজেপিয়ে চলাইছে সেয়া নিশ্চিত। এনে পৰিস্থিতিত বড়োভূমিতেই বিপিএফ আৰু ইউপিপিএলৰ অৱস্থা যে অসম গণ পৰিষদ কিম্বা দেউৰী পৰিষদৰ জিম’ছায়া পিপলছ পাৰ্টিৰ লেখীয়া অৱস্থা হ’বলৈ গৈছে, সেয়া নিশ্চিত। প্ৰমোদ বড়োৱে কোৱাৰ লেখীয়াকৈ ২০২৫ লৈ যথেষ্ট সময় থাকিলেও এতিয়াৰে পৰা সুপৰিকল্পনাৰে আগনাবাঢ়িলে ২০২৫ তে বিজেপিত বিলীন হ’ব হাগ্ৰামা মহিলাৰী – প্ৰমোদ বড়ো।

লগতে পঢ়ক – ডিমা হাচাওত মেচিনত আৱদ্ধ হৈ কাৰখানাৰ শ্ৰমিকৰ মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply