গুৱাহাটী: এবছৰ সম্পূৰ্ণ হোৱা মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাৰ আজি প্ৰথমটো সম্প্ৰসাৰণ সম্পন্ন হয়। আজি দুগৰাকী বিধায়কে নতুন মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ লগতে কেইবাটাও দপ্তৰত ৰদবদল ঘটোৱা হয়।
আজি হাফলং বিধানসভা সমষ্টিৰ বিধায়ক নন্দিতা গাৰ্লোচা আৰু নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্তমল্ল বৰুৱাক কেবিনেটত অন্তৰ্ভুক্ত কৰা হয়।
নন্দিতা গাৰ্লোচাক শক্তি, সমবায়, খনি আৰু খনিজ সম্পদ, খিলঞ্জীয়া জনজাতীয় বিশ্বাস আৰু সংস্কৃতি দপ্তৰৰ দায়িত্ব অৰ্পন কৰাৰ বিপৰীতে জয়ন্তমল্ল বৰুৱাক দিয়া হয় জনস্বাস্থ্য কাৰিকৰী, দক্ষতা, নিয়োগ আৰু উদ্যমিতা আৰু পৰ্যটন দপ্তৰৰ দায়িত্ব।
ৰদবদলৰ পিছত কোন মন্ত্ৰীৰ হাতলৈ আহিল কোনটো দপ্তৰ?
হিমন্ত বিশ্ব শৰ্মা: মুখ্য মন্ত্ৰী, গৃহ, পাৰ্চনেল, লোক নিৰ্মাণ, বিতৰণ নোহোৱা দপ্তৰসমূহ।
কেশৱ মহন্ত: স্বাস্থ্য আৰু পৰিয়াল কল্যান, চিকিৎসা শিক্ষা আৰু গৱেষণা, বিজ্ঞান আৰু প্ৰযুক্তি, তথ্য আৰু প্ৰযুক্তি দপ্তৰ।
ৰণোজ পেগু: শিক্ষা (উচ্চ, মাধ্যমিক আৰু প্ৰাথমিক), জনজাতি কল্যান, খিলঞ্জীয়া জনজাতীয় বিশ্বাস আৰু সংস্কৃতি (পুথিভঁৰাল আৰু সংগ্ৰহালয় সঞ্চালকালয়) দপ্তৰ।
ৰঞ্জিত কুমাৰ দাস: পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, সাধাৰণ প্ৰশাসন বিভাগ।
অতুল বৰা: কৃষি, উদ্যান শস্য, পশুপালন আৰু পশু চিকিৎসা, সীমান্ত উন্নয়ণ, অসম চুক্তি ৰূপায়ণ দপ্তৰ।
উৰ্খাও গৌৰা ব্ৰহ্ম: হস্ততাঁত আৰু বস্ত্ৰশিল্প, ভূমি সংৰক্ষণ, বড়োলেণ্ড কল্যান দপ্তৰ।
পৰিমল শুক্লবৈদ্য: পৰিবহণ, মীন, আৱকাৰী দপ্তৰ।
চন্দ্ৰমোহন পাটোৱাৰী: পৰিবেশ আৰু বন, এক্ট ইষ্ট পলিচি পৰিক্ৰমা, সংখ্যালঘু কল্যান দপ্তৰ।
অশোক সিংহাল: গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন দপ্তৰ।
অজন্তা নেওগ: বিত্ত, মহিলা আৰু শিশু উন্নয়ণ দপ্তৰ।
পীযুষ হাজৰিকা: জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা, সামাজিক ন্যায় আৰু সৱলীকৰণ দপ্তৰ।
যোগেন মহন: ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য অঞ্চল উন্নয়ণ দপ্তৰ।
সঞ্জয় কিষান: চাহ জনজাতি কল্যান আৰু শ্ৰমিক কল্যান দপ্তৰ।
বিমল বৰা: উদ্যোগ আৰু বাণিজ্য, সাংস্কৃতিক পৰিক্ৰমা আৰু ৰাজহুৱা উদ্যোগ দপ্তৰ।
উল্লেখযোগ্য যে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত দুটা নতুন দপ্তৰ – খিলঞ্জীয়া জনজাতীয় বিশ্বাস আৰু সংস্কৃতি, মহিলা আৰু শিশু উন্নয়ণ গঠন কৰাৰ বিপৰীতে পূৰ্বৰ গুৱাহাটী উন্নয়ণ দপ্তৰ বিলুপ্ত কৰা হয়।
লগতে পঢ়ক – চীনত দুৰ্ঘটনাত পতিত যুঁজাৰু বিমান, নিহত এজন