নিউজ ডেস্ক: মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ দ্বিতীয়টো বৰ্ষপূৰ্তিতে ড০ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাত ঘটাব ব্যাপক সালসলনি। মূলতঃ বিগত দুটা বছৰৰ পাৰদৰ্শিতাৰ ভিত্তিতে এই সালসলনিৰ প্ৰস্তুতি চলাইছে মুখ্যমন্ত্ৰীয়ে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে দিল্লী হাইকামাণ্ডৰ পৰাও সেউজ সংকেত লাভ কৰিছে বুলি জানিব পৰা গৈছে।

সেই অনুসৰি চলিত বৰ্ষৰ মে’ মাহতে হিমন্ত বিশ্ব শৰ্মা মন্ত্রীসভাই নতুন ৰূপ লাভ কৰাৰ পূৰ্ণ সম্ভাৱনাই গা কৰি উঠিছে। উল্লেখ্য যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোডীক তৃতীয়বাৰলৈ প্ৰধানমন্ত্রী পদত অধিষ্ঠিত কৰাৰ সপোন সাকাৰ কৰাৰ লক্ষ্যৰেই অসম মন্ত্রীসভাক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰোৱা হ’ব। ইয়াৰ লগে লগে কেবাগৰাকীও নতুন মুখৰ বিধায়কৰ ভাগ্য উদয় হোৱাৰ সম্ভাৱনা প্ৰবল।

সমষ্টি নতুনকৈ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যত বিভিন্ন জনগোষ্ঠীয়ে ক্ষোভ প্ৰকাশ কৰাৰ সমান্তৰালকৈ উজনিৰ মন্ত্ৰীসকল পৰিস্থিতি নিয়ন্ত্ৰণত চূড়ান্তভাৱে ব্যৰ্থ হৈছে। এনে প্রেক্ষাপটতে লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ অধিক জাতি-জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা বিধায়কক মন্ত্রীসভাত অন্তর্ভুক্তিৰে চৰকাৰখনক অধিক সর্বজনগ্রাহ্য কৰি তোলাৰ পৰিকল্পনা যুগুত কৰিছে মুখ্যমন্ত্ৰীয়ে। এনে পৰিপ্ৰেক্ষিতত স্বাভাৱিকতে মন্ত্রিত্ব কটা যাব কেইবাজনো পাৰদৰ্শিতা প্ৰদৰ্শনত চূড়ান্তভাৱে ব্যর্থ হোৱা অদক্ষ মন্ত্রী।

প্ৰাপ্ত তথ্য অনুসৰি বৰ্তমানৰ ৰাজহ মন্ত্ৰী তথা আহোমক প্ৰতিনিধিত্ব কৰা যোগেন মহনক মন্ত্ৰীসভাৰ পৰা আঁতৰাই তেওঁৰ স্থানত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি পৰিচিত সুশান্ত বৰগোঁহাইক মন্ত্ৰিত্ব প্ৰদানৰ সম্ভাৱনা প্ৰবল। উল্লেখ্য যে বিগত সময়ছোৱাত ৰাজহ বিভাগৰ সৰহসংখ্যক কামেই মুখ্যমন্ত্ৰীয়ে নিজেই তদাৰক কৰিবলগীয়া হোৱাৰ উপৰিও ৰাজ্যৰ সত্ৰসমূহৰ শ শ বিঘা মাটি বেদখলমুক্ত কৰাৰ বাবে এজন পূৰ্ণাংগ ৰাজহ মন্ত্ৰী থকা সত্ত্বেও বিধায়ক প্রদীপ হাজৰিকা, মৃণাল শ‍ইকীয়া, ৰূপক শৰ্মা আদিৰ নেতৃত্বত সুকীয়াকৈ সমিতি গঠন কৰি দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

আটাইতকৈ পৰিতাপৰ কথা যে সাত বছৰীয়া মন্ত্ৰিত্বৰ কাৰ্যকালত ৰাজহ মন্ত্ৰী মহনে শিৱসাগৰ আৰু চৰাইদেউ জিলাত বেদখলকাৰীৰ কবলত থকা আহোম স্বৰ্গদেউসকলৰ মৈদামসমূহৰ শ শ বিঘা ভূমিৰ এক ইঞ্চিও উদ্ধাৰ কৰাত সফলকাম হ’ব পৰা নাই।

ইফালে বর্তমান অসম মন্ত্রীসভাত খালী হৈ আছে তিনিটা মন্ত্ৰী পদ। বিজেপি-অগপ-ইউপিপিএল চৰকাৰখনৰ খালী হৈ থকা এই তিনি পদ পূৰণৰ বাবেও উন্মুখ হৈ আছে মন্ত্ৰিত্ব প্রত্যাশী মিত্ৰজোঁটৰ বিধায়কসকলো। কিন্তু লোকসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে মূলতঃ ৰাজ্যৰ অধিক জাতি-জনগোষ্ঠীক প্রতিনিধিত্ব কৰা বিধায়ককহে অন্তর্ভুক্তিকৰণ আৰু পাৰদৰ্শিতাৰ ভিত্তিত নতুন বিধায়কক মন্ত্রীসভাত অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰা বুলি জনা গৈছে।

সর্বানন্দ সোণোৱাল চৰকাৰৰ পৰা বৰ্তমানলৈকে মন্ত্ৰী পদ দখল কৰি থকা তিনিজন অদক্ষ মন্ত্ৰীৰ বিপদ আসন্ন বুলি জানিব পৰা গৈছে। এইক্ষেত্ৰত শীৰ্ষত আছে চাহ জনগোষ্ঠী উন্নয়ন আৰু শ্ৰম তথা নিয়োগ মন্ত্রী সঞ্জয় কিষাণ। বিগত প্ৰায় ৫ বছৰে মন্ত্ৰী পদ দখল কৰি থকা তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণৰ পাৰদৰ্শিতাক লৈ স্বয়ং মুখ্যমন্ত্রী ভীষণ অসন্তুষ্ট বুলি জানিব পৰা গৈছে। তদুপৰি চাহ জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠনৰ মাজতে এতিয়া মন্ত্ৰীজনৰ বিশ্বাসযোগ্যতা আৰু গ্ৰহণযোগ্যতা নাই বুলি দলৰ মজিয়াত ব্যাপক চৰ্চা হৈছে। কিষাণৰ স্থানত দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে।

কেৱল কিষাণেই নহয়, হিমন্ত মন্ত্ৰীসভাত বাণিজ্যৰ পিছত বন বিভাগতো চৰম ব্যৰ্থ মন্ত্ৰী হিচাপে কলংকিত হৈছে চন্দ্ৰমোহন পাটোৱাৰী। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে হ’বলগীয়া অসম মন্ত্ৰীসভাৰ বৃহৎ সাল-সলনিত বিপদ আসন্ন হৈ পৰিছে চন্দ্ৰমোহন পাটোৱাৰীৰ। ২০১৬ চনৰ পৰা বিজেপি শাসনাধিষ্ঠিত চৰকাৰৰ মন্ত্ৰিত্ব ভোগ কৰি অহা পাটোৱাৰীয়ে বিগত সাত বছৰীয়া কাৰ্যকালত এতিয়ালৈকে পাৰদৰ্শিতাৰ কোনো উল্লেখযোগ্য চানেকি দাঙি ধৰিব পৰা নাই। তদুপৰি তিনিটা সমষ্টি থকা নলবাৰী জিলাৰ পৰাই বৰ্তমান শৰ্মা মন্ত্রীসভাত কেবিনেট মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰি আছে ধৰ্মপুৰৰ বিধায়ক পাটোৱাৰীৰ লগতে নলবাৰীৰ বিধায়ক জয়ন্তমল্ল বৰুৱা।

বৰ্তমান ৰাজ্যত মুখ্যমন্ত্রীকে ধৰি ষোল্লজন মন্ত্ৰীয়ে কাৰ্যনিৰ্বাহ কৰি আছে। মন্ত্রীসভাত খালী হৈ আছে তিনিটা পদ। বিপৰীতে, তিনিগৰাকীয়ে মন্ত্ৰিত্ব হেৰুৱাব। এনে পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ দ্বিতীয় বর্ষপূৰ্তিত অহা মে’ মাহত হ’বলগীয়া মন্ত্ৰীসভাৰ সাল-সলনিত ৫ ৰ পৰা ৬ গৰাকী নতুন মুখে মন্ত্ৰীসভাত স্থান লাভ কৰাৰ সম্ভাৱনা আছে।

বৰচলা সমষ্টিৰ গোৰ্খা সম্প্ৰদায়ৰ গণেশ কুমাৰ লিম্বু, থাওৰাৰ সুশান্ত বৰগোঁহাই, চতিয়াৰ পদ্ম হাজৰিকা, দুলীয়াজানৰ তেৰছ গোৱালা, ডিব্ৰুগড়ৰ প্ৰশান্ত ফুকন আৰু মধ্য অসমৰ পৰা নগাওঁৰ বিধায়ৰ ৰূপক শৰ্মাই নতুন মন্ত্ৰীসভাত স্থান লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

লগতে পঢ়ক – ১৪ বছৰৰ তলৰ কন্যাক বিয়া পাতিলেই গ্ৰেপ্তাৰ হ’ব লাগিবঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply