নিউজ ডেস্ক: মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মাজুলীত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিজেপি প্ৰাৰ্থী ভুৱন গামৰ সপক্ষে ব্যাপক প্ৰচাৰ চলায়।

মাজুলীৰ ৩ নম্বৰ কুমলীয়া চাপৰিৰ গোপাল চুক আৰু দক্ষিণ আঁহতগুৰিত অনুষ্ঠিত দুখন নিৰ্বাচনী সভাত মুখ্য মন্ত্ৰী গৰাকীয়ে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা যায়।

বিজেপি প্ৰাৰ্থী গৰাকীক ভোট দিবলৈ আহ্বান জনাই তেওঁ কয়, ‘ কোনটো গৰুক ভোট দিলে গাখীৰ পাব, সেই চাই ভোট দিব। একাংশক ভোট দিলে গাখীৰ খিৰাই থাকিব কিন্তু গাখীৰ নোলায়। দানা খোৱাই কিন্তু গাখীৰ নোলায়। মতা গৰুৱে ক’ৰ পৰা গাখীৰ দিব।’

‘জাতীয় পৰিষদৰ প্ৰাৰ্থী উঠিছে। তেওঁলোকৰ বিধায়ক আছে জানো? বিজেপিৰ দুটা ঈঞ্জিন আছে। এটা দিল্লী আৰু এটা দিছপুৰত। জাতীয় পৰিষদক ভোট দিলে কোনটো ঈঞ্জিনৰ পৰা চলাব। প্ৰাৰ্থী দিব লাগিছিল মাজুলীৰ পৰা। দুই লাখ মানুহ আছে মাজুলীত। কিন্তু প্ৰাৰ্থী দিছে ধেমাজীৰ পৰা,’ তেওঁ লগতে কয়।

অহা ৭ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া উপ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে বৃহৎ ব্যৱধানত বিজয়ী হ’ব বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে কয় যে বিজেপি ‘চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ পালন কৰি আহিছে আৰু অসমৰ সকলো প্ৰান্ততে দ্ৰুত উন্নয়নৰ ঢৌ উঠিছে’।

উল্লেখযোগ্য যে অহা ৭ মাৰ্চত অনুষ্ঠিত হ’ব লগীয়া মাজুলী বিধানসভা নিৰ্বাচনত এইবাৰ বিজেপিৰ প্ৰাৰ্থীৰ ভুবন গাম, অসম জাতিয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰী আৰু এছ ইউ চি আই (চি)ৰ ভাইটি ৰিচঙৰ মাজত প্ৰতিদ্বন্দিতা হ’ব।

লগতে পঢ়ক – ৰাছিয়া-ইউক্ৰেইন যুদ্ধ; অসমৰ আৰু ১২ গৰাকী শিক্ষাৰ্থী ভাৰত আহি পালে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply