নিউজ ডেস্ক: মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাসগৃহত মুখ্য মন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ তালাচী। বুধবাৰে বিধায়ক গৰাকীৰ মৰিয়নীস্থিত বাসগৃহত ভিজিলেন্স চেলৰ এটা তিনিজনীয়া দলে অভিযান চলায়।
প্ৰাপ্ত তথ্য মতে, ২০১২ চনৰ পৰা ২০২২ চনলৈ কুৰ্মীয়ে তেওঁৰ বিধায়ক পুঁজিৰ ধন ব্যয় কৰাৰ ক্ষেত্ৰত বিসংগতিৰ অভিযোগ উঠাৰ পিছত দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে তেওঁৰ ঘৰত তালাচী চলায়।
দলটোৱে বিধায়ক পুঁজিৰ অধীনত মৰিয়নিত চলি থকা বিভিন্ন উন্নয়নমূলক কামৰো পৰিদৰ্শন কৰে। অহা দিন কেইটাত তেওঁলোকে আৰু এনে স্থান পৰিদৰ্শন কৰাৰ সম্ভাৱনা আছে।
আনহাতে কেবিনেট সম্প্ৰসাৰণৰ মাত্ৰ এটা দিন পূৰ্বে বিধায়ক গৰাকীৰ ঘৰত তালাচী চলোৱাৰ আঁৰত কিবা ৰাজনৈতিক স্বাৰ্থ জড়িত থাকিব পাৰে বুলি বিৰোধী দলপতি দেবব্ৰত শইকীয়াই মন্তব্য কৰে।
শইকীয়াৰ মতে ৰূপজ্যোতি কুৰ্মীৰ দলৰ ভিতৰৰে বহু কেইজন নেতাৰ সৈতে সংঘাটপূৰ্ণ সম্পৰ্ক আছে।
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক সঞ্জীৱ ৰয়ে ইষ্টম’জ’ৰ আগত কয়, ‘’কেবিনেটত নতুনকৈ স্থান পাবলগীয়া বিধায়কসকলৰ মাজত কুৰ্মী এজন প্ৰধান দাবীদাৰ আছিল কিন্তু বিজেপিয়ে তেওঁ মন্ত্ৰীসভাত থকাটো বিচৰা নাই।‘’
অৱশ্যে তেওঁৰ ঘৰত দুৰ্নীতি নিবাৰক শাখাই তালাচী চলোৱা সম্পৰ্কত বিধায়ক কুৰ্মীয়ে এই পৰ্যন্ত কোনো আনুষ্ঠানিক মন্তব্য প্ৰদান কৰা নাই।
বহুতৰ মতে তেওঁৰ ঘৰত ভিজিলেন্স চেলৰ তালাচী নচলা হ’লে নতুনকৈ সম্প্ৰসাৰণ ঘটা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত ৰূপজ্যোতি কুৰ্মীয়ে স্থান পোৱাৰ যথেষ্ট সম্ভাৱনা আছিল।
লগতে পঢ়ক – আন্তঃৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপত উজ্বলিল অসমৰ চাহিল