নিউজ ডেস্ক : হৰ্ছ ট্ৰেডিঙৰ ভূতৰ আশংকাৰ পৰা এতিয়াও মুক্ত হ’ব পৰা নাই কংগ্ৰেছৰ লগতে মহাজোঁট । ইয়াৰ বিপৰীতে বিজেপিয়ে কংগ্ৰেছকে ধৰি মহাজোঁটৰ অংশীদাৰ দলৰ বিজয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীৰ লগত যোগাযোগ অব্যাহত ৰখা বুলি দাবী কৰিছে কংগ্ৰেছে । যাৰ পৰিপ্ৰেক্ষিতত প্ৰাৰ্থী কিনা-বেচাৰ আশংকাত কংগ্ৰেছে পুনৰ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মহানগৰীৰ আওহতীয়া স্থানত থকা কিৰনশ্ৰী গ্ৰেন্ড হোটেলত ।
আৰু পঢ়কঃ বিশ্বশান্তিৰ বাৰ্তা লৈ ৰাজ্যৰ ৩৩ খন জিলাত চাইকেল যাত্ৰা
গুৱাহাটীস্থিত হোটেল কিৰণশ্ৰী গ্ৰেণ্ডত অসম প্ৰদেশ কংগ্ৰেছৰ কমিটীৰ উদ্যোগত, সদ্যসমাপ্ত নিৰ্বাচনত অৱতীৰ্ণ হোৱা সমূহ প্ৰাৰ্থীসকলৰ সৈতে অনুষ্ঠিত হোৱা এক প্ৰস্তুতি তথা পৰ্যালোচনা বৈঠক আয়োজন কৰে বুলি কংগ্ৰেছৰ ফালৰ পৰা প্ৰকাশ কৰিছে। এই অনুষ্ঠানত নিখিল ভাৰত কংগ্রেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেবব্ৰত শইকীয়া, উপ দলপতি ৰকিবুল হুছেইন, সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু আব্দুল খালেকৰ লগতে দলৰ প্ৰায় সমূহ জ্যেষ্ঠ নেতা আৰু নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰাৰ্থী সকল উপস্থিত থাকে।
আৰু পঢ়কঃমাৰ্ঘেৰিটাত চোৰাং কয়লাসহ ডাম্পাৰ জব্দ
অসম প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা হৰ্ছ ট্রেডিং কৰাত যাতে কোনেও বিজেপিক কোনো প্ৰকাৰে সহায় কৰিব নোৱাৰে তাৰ ওপৰত চকু ৰাখিছে প্ৰদেশ কংগ্ৰেছ কমিটীয়ে । উল্লেখ্য যে, মহাজোঁটৰ অংশীদাৰ দল এ আই ইউ ডি এফ আৰু বি পি এফ দলো হৰ্ছ ট্ৰেডিঙৰ আশংকাত আছে । এ আই ইউ ডি এফৰ প্ৰাৰ্থীসকল কালি নিশাৰ ভাগত ৰাজস্থানৰ পৰা উভতি আহিছে যদিও তেওলোকৰ সকলোকে মুক্ত হৈ ঘুৰাৰ ক্ষেত্ৰত এতিয়াও বাধা দিব বিচাৰিছে । একে ভুমিকা লৈছে কংগ্ৰেছ দলেও ।
সেইবাবেই ৩ মে’ পৰ্যন্ত কংগ্ৰেছ প্ৰাৰ্থীৰ বাবে বুকিং কৰিছে কেইবাখনো হোটেল। গুৱাহাটী-তেজপুৰৰ হোটেলত পুনৰ বন্দী হ’ব কংগ্ৰেছ প্ৰাৰ্থী। নামনি আৰু গুৱাহাটীৰ প্ৰাৰ্থীসকলক ৰখা হ’ব গুৱাহাটীত। তেজপুৰত ৰখা হ’ব ভালেই কেইজন প্ৰাৰ্থীক। তেজপুৰৰ গ্ৰীনউড হোটেলত ইতিমধ্যে বুকিং ৪২ টাকৈ কোঠা। কংগ্ৰেছৰ ফালৰ পৰা নিৰ্বাচন আয়োগকো ভোটগণনা নিয়াৰীকৈ কৰাৰ দাবী জনাই পত্ৰ লিখিছে । বিহাৰৰ দৰে অন্তি মুহূৰ্তত পোষ্টেল বেলট ঘোষণা কৰি যাতে শাসকীয় দলৰ প্ৰাৰ্থীক জয়লাভ কৰোৱাৰ কৌশল ৰচনা কৰিব নোৱাৰে তাৰবাবে আগতীয়াকৈ পোষ্টেল বেলট সমূহৰ গণনা কৰিবলৈ দাবী জনাইছে কংগ্ৰেছে।