প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ পদত্যাগ

নিউজ ডেস্ক: ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ ১০৮ নং শিৱসাগৰ সমষ্টিৰ পৰা টিকট প্ৰত্যাশী অসম ৰাজ্যিক কংগ্ৰেছৰ সাধাৰণ সম্পাদক কল্যাণ গগৈৰ কংগ্ৰেছ দলৰ পৰা পদত্যাগ।২০২১ চনৰ নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ পৰা টিকট লাভ কৰাত ব্যৰ্থ হোৱাৰ পাছত আজি অসম কংগ্ৰেছৰ সভাপতিক পদত্যাগ পত্ৰ দাখিল কৰিলে কল্যাণ গগৈয়ে।আশীৰ দশকৰ পৰা কংগ্ৰেছ দলৰ সৈতে জড়িত গগৈয়ে দলৰ বহু গুৰুত্বপূৰ্ণ পদৱীত দায়িত্ব পালন কৰাৰ লগতে যুৱ কল্যাণ বিভাগৰ সংসদীয় সচিৱৰূপে একালত দায়িত্ব পালন কৰিছিল।কংগ্ৰেছ দলৰ পৰিচয় হানি কৰা এচাম নেতাৰ বিৰুদ্ধে ক্ষোভ উজাৰি দল ত্যাগ কৰে নেতা গৰাকীয়ে।

প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ এক পত্ৰ প্ৰেৰণ কৰি সম্পাদক কল্যাণ গগৈৰ পদত্যাগ


প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ এক পত্ৰ প্ৰেৰণ কৰি সম্পাদক কল্যাণ গগৈয়ে পদত্যাগ কৰিছে।
একাংশই ব্যক্তিগত স্বাৰ্থপূৰণৰ বাবে দলটোক ব্যৱহাৰ কৰাৰ অভিযোগ গগৈৰ। শিৱসাগৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছিল কল্যাণ গগৈয়ে। কিন্তু দলে বহুবাৰ তেওঁক টিকটৰ পৰা বঞ্চিত কৰিছে বুলি উল্লেখ কৰিছে পত্ৰত।
দলৰ পদবীৰ লগতে সাধাৰণ সদস্যৰ পৰাও পদত্যাগৰ সিদ্ধান্ত লোৱাৰ কথা পত্ৰত উল্লেখ কৰিছে সম্পাদকগৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply