প্ৰদেশ কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ উজাৰি দিছপুৰ প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি ভাস্কৰ দাহালৰ পদত্যাগ।
কংগ্ৰেছত পূৰ্বৰ আদৰ্শ নাই, কোটি টকা নিদিলে কংগ্ৰেছত টিকট নাপাই বুলি দাহালৰ বিস্ফোৰক অভিযোগ তোলে দাহালে।
বিগত লোকসভা নির্বাচনত টিকট বিচাৰোঁতে টকা বিচৰাৰ অভিযোগ তোলে সম্পাদক গৰাকীয়ে।
তেজপুৰ সমষ্টিৰ টিকটৰ বাবদ হৰিশ ৰাৱতে বিচাৰিছিল টকা।
একমাত্ৰ টকাৰ বিনিময়ত তেজপুৰত এম জি ভি কে ভানুক টিকট দিছিল কংগ্ৰেছে।বৰ্তমান সময়ত
কংগ্ৰেছে বিজেপিক শক্তিশালী কৰি আছে।
এজন মুছলমান ব্যক্তিক কিয় বিৰোধী দলপতিৰ দায়িত্ব নিদিয়ে বুলিও প্ৰশ্ন কৰে ।
দলৰ কোনো নীতি আদৰ্শ নথকাৰ বাবেই কংগ্ৰেছৰ বিধায়ক সকলে দল ত্যাগ কৰিছে বুলি লগতে কয়।
কংগ্ৰেছে গোৰ্খা সকলক অৱহেলা কৰি আহিলে,মণি চুব্বাৰ পাছত কোনো গোৰ্খা লোকক কংগ্ৰেছে টিকট নিদিলে ।

কংগ্ৰেছত অন্তঃকন্দল চলিছে, টিকট দিয়াৰ নামত অসমৰ তত্বাৱধায়ক সকলে বিচাৰিছিল টকা।
কংগ্ৰেছত নিমিলা অংক বেছি সেয়েহে কাৰো লগত মিত্ৰতা টিকি থাকিব নোৱাৰে।


উপ নির্বাচনত তামুলপুৰত টিকট দিয়াৰ পাছত টকা নিদিয়াৰ বাবে ভাবুকি দিয়া বুলিও অভিযোগ কৰে। AICC ৰ সম্পাদক পৃথ্বীৰাজ সাথে টকাৰ দাবী কৰিছিল।
বিৰোধী দলপতি দেৱব্ৰত শইকীয়া বিৰোধী দলপতি হোৱাৰ যোগ্য নহয় বুলিও পদত্যাগী নেতা গৰাকীয়ে মন্তব্য কৰে।

লগতে পঢ়ক- ইউক্ৰেইনৰ বিৰুদ্ধে সামৰিক অভিযান আৰম্ভ কৰিলে ৰাচিয়াই

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply