নিউজ ডেস্ক: নিৰ্বাচন শেষ হোৱাৰ লগে লগেই কংগ্ৰেছে অভিযোগৰ আঙুলি তুলিলে নিৰ্বাচন আয়োগৰ প্ৰতি ৷ কংগ্ৰেছ সভাপতি ৰিপুন বৰাই সংবাদমেল পাতি নিৰ্বাচন আয়োগে বিজেপি ৰ হৈ কাম কৰাৰ অভিযোগ তুলিলে সভাপতি ৰিপুন বৰাই ৷
বৰ্তমান ষ্ট্রং ৰূমত থকা ইভিএমৰ সুৰক্ষাক লৈ সন্দেহ অসম প্ৰদেশ কংগ্ৰেছৰ৷ আজি অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰী কৰে ৰিপুণ বৰাই৷
চিচিটিভিৰ access link প্ৰত্যকজন প্ৰাৰ্থীক দিবলৈ নিৰ্বাচন আয়োগলৈ চিঠিযোগে দাবী জনাইছে প্ৰদেশ কংগ্ৰেছে৷ নতুবা ৰাজনৈতিক দল সমূহে ষ্ট্ৰং ৰুমৰ বাহিৰত ৰাজনৈতিক দল সমূহক চিচিটিভিৰ লগোৱাৰ অনুমতি বিচাৰিছিল , সেই সম্পৰ্কেও নিৰ্বাচন আয়োগে একো নজনালে বুলি ক’লে সভাপতি ৰিপুন বৰাই ৷ বিজেপিক কেতিয়াও বিশ্বাস কৰিব নোৱাৰি, এতিয়া হৰাটো স্পষ্ট হোৱাত তেওলোকে যি কোনো কাম কৰিব পাৰে ৷ মহাজোঁটৰ ফালৰ পৰা ২৪ ঘন্টাই পহৰা দিয়াৰ কথা উল্লেখ কৰিছিল বুলি সংবাদমেলত ৰিপুন বৰাই উল্লেখ কৰে৷

সভাপতি বৰাৰ মতে, ৰাজ্যৰ কিছু ঠাইত খেলিমেলি হৈছে৷ নিৰ্বাচন আয়োগে ভালকৈ কাম কৰা নাই যদিও ৰাজ্যৰ প্ৰশাসন নিৰ্বাচন আয়োগক ধন্যবাদ জনাইছে প্ৰদেশ কংগ্ৰেছে৷
দ্বিতীয় পৰ্যায়ত হোৱা খেলিমেলিৰ পিছত তৃতীয় পৰ্যায়ত তেনে পৰিবেশৰ সৃষ্টি নহয় বুলি নিৰ্বাচন আয়োগে আমাক প্ৰতিশ্ৰুতি দিছিল কিন্তু তাৰ পাছতো বহুত খেলিমেলি হ’ল৷ নিৰ্বাচন আয়োগে বিজেপিৰ হেঁচাত কাম কৰিছে৷ এই মন্তব্য কৰে ৰিপুন বৰাই ৷ আনহাতে ভোটদানৰ হাৰ বৃদ্ধিত সন্তুষ্টি প্ৰকাশ বৰাৰ৷ ‘ভোটৰ হাৰ বৃদ্ধিয়ে পৰিৱৰ্তন বিচৰাটো বুজাইছে৷’ ৰিপুন বৰাৰ সমীক্ষা অনুযায়ী সংখ্যাগৰিষ্ঠতা পাব কংগ্ৰেছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply