উত্তৰাখণ্ডৰ নিৰ্বাচনী সভাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া বক্তব্যৰ বিৰুদ্ধে এইবাৰ জাঙুৰ খাই উঠিছে অসম কংগ্ৰেছ । সভাপতি ভুপেন বৰাৰ প্ৰতিক্ৰিয়াৰ পিছত আজি যুৱ কংগ্ৰেছীসকলে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে।
অসমৰ মুখ্যমন্ত্ৰীয়ে অশালীন মন্তব্য বন্ধ কৰক, অগণতান্ত্ৰিক শব্দ পৰিহাৰ কৰক আদি দাবীৰে উত্তাল কৰি তোলে।
ৰাজীৱ ভৱনৰ সন্মুখত যুৱ কংগ্ৰেছৰ ফালৰ পৰা এই উত্তাল প্ৰতিবাদ পালন কৰে।
উত্তৰাখণ্ডত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধী সন্দৰ্ভত কৰা বিৰূপ মন্তব্যৰ বিৰুদ্ধে এই প্ৰতিবাদ।
মুখ্যমন্ত্ৰীয়ে কালি নিৰ্বাচনী প্ৰকাশ সভাত পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ ছাৰ্জিকেল ষ্ট্ৰাইক কৰাৰ সময়ত ৰাহুল গান্ধীয়ে ইয়াৰ প্ৰমান বিচৰাৰ আঁতধৰি মুখ্যমন্ত্ৰীয়ে কৈছিল ” আমি কেতিয়াবা সুধিছো নেকি ৰাহুল গান্ধী কাৰ সন্তান”।
\এই বক্তব্যৰ পিছত অসম কংগ্ৰেছত বাৰুকৈয়ে প্ৰতিক্ৰিয়া হৈছে। মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদী যুৱ কংগ্ৰেছীয়ে।
হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ যুৱ কংগ্ৰেছীৰ। “আই-মাতৃক অপমান কৰা সহ্য কৰা নহ’ব।”
শীঘ্ৰে মুখ্যমন্ত্ৰীয়ে ক্ষমা খোজৰ দাবী প্ৰতিবাদকাৰীৰ। “এয়া গণতন্ত্ৰ ধ্বংসৰ ইংগিত” বুলি মন্তব্য কৰে যুৱ কংগ্ৰেছীয়ে।
লগতে পঢ়কঃলখিমপুৰ জিলাৰ কাকৈ সংৰক্ষিত বনাঞ্চলত পুনৰ অৰুণাচলীৰ তাণ্ডৱ