আজি পুনৰ তিনিটা কেন্দ্ৰত ভোটগ্ৰহণ

নিউজ ডেস্ক: ৰাজ্যত এতিয়া নিৰ্বাচনৰ বতৰ । প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ইতিমধ্যে শেষ হৈছে । দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন এতিয়া প্ৰচাৰৰ তুগংত । প্ৰতিটো বিধানসভা নিৰ্বাচনৰ দৰেই এইবাৰো নিৰ্বাচনৰ সময়ত ভুমুকি মাৰিছেহি কেতবোৰ ৰাজনৈতিক দল । নিৰ্বাচন আয়োগত পঞ্জীয়ন থকা অথবা নথকা এই ৰাজনৈতিক দল বোৰক লৈ ভোটাৰ ৰাইজৰ মুঠেই আগ্ৰহ নাই যদিও নিৰ্বাচন আহিলে এওলোক সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজৰ কাষলৈ ওলাই আহে । কেতিয়াও জয়ী হব নোৱাৰা অসমৰ জনজীৱনৰ সৈতে কেতিয়াও সম্পৰ্ক নথকা এই দল বোৰৰ নিৰ্বাচনৰ সময়ত হঠাৎ আৱিৰ্ভাৱ ঘটে ।
অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত , অসমৰ সমাজ জীৱনৰ সৈতে সম্পৰ্ক নথকা এই দল সমূহৰ তৎপৰতা এইবাৰো দেখা গৈছে । একাংশ স্বয়ম্ভু নেতাৰ ৰাইজৰ সেৱকৰ ৰূপত আৱিৰ্ভাৱ হৈ নিৰ্বাচনত জপিয়াই পৰা দেখা গৈছে ।
গণভিত্তিহীন নেতাৰ দ্বাৰা পৰিচালিত প্ৰায় একুৰিত কৈও অধিক দল এইবাৰো ওলাইছে দিছপুৰ দখল কৰিবলৈ । তেনে কেইটামান দল হ’ল ৰাষ্ট্ৰীয় উলেমা কাউন্সিল, ভোটাৰ্ছ পাৰ্টি ইন্টাৰনেচনেল, নেচনেল ৰোড মেপ পাৰ্টি অব ইন্ডিয়া, পলিটিকেল জাষ্টিচ পাৰ্টি, মাইন’ৰিটি পিপুলছ পাৰ্টি, ভাৰতীয় গণ পৰিষদ, ৰাষ্ট্ৰীয় লোক সমতা পাৰ্টি, স্বৰ্ণভাৰত পাৰ্টি, হিন্দুস্তান নিৰ্মাণ পাৰ্টি, ভাৰতীয় ট্ৰাইবেল পাৰ্টি, ৰিপাব্লিক অব ইন্ডিয়া, ৰাষ্ট্ৰীয় জনতা দল, লোকশক্তি পাৰ্টি, জয় মহাভাৰত পাৰ্টি, এন পি পি, জনতা দল (ইউ), ৰাষ্ট্ৰীয় হিন্দ সমাজ পাৰ্টি, নেচনেল পিপুলছ পাৰ্টি আদি । গণভিত্তি নথকা এই দলবোৰে এইবাৰো প্ৰাৰ্থিত্ব আগবঢ়াইছে ৰাজ্যৰ বহু কেইটা সমষ্টিত ।

নিৰ্বাচন আহিলেই অসম প্ৰেম জাগী উঠা এইসকল কোন তেওলোকৰ উদ্দেশ্য কি তাক লৈ আজিলৈকে কোনেও প্ৰশ্ন কৰা নাই এওলোকক । প্ৰত্যেকজন প্ৰাৰ্থীয়ে প্ৰতিটো সমষ্টিত ৫০০ ৰ পৰা ১০০০কৈও অধিক ভোট লাভ কৰি আহিছে । ফলাফলত সদায়েই দেখা যায় এওলোকে আমানত ধন হেৰুৱাই আহিছে । গণভিত্তি নাথাকিলেও একুৰিতকৈ অধিক ৰাজনৈতিক দলে নিৰ্বাচনত অংশ লৈ আহিছে । তেওলোকৰ অসমৰ জনজীৱনক লৈ কোনো নিৰ্বাচনী ইছ্যু নাই, যি সময়ত যিটো বিষয় অধিক চৰ্চাত থাকে তাকেই ইছ্যু হিচাবে লয় ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,268 other subscribers

Leave a comment

Leave a Reply