দুই ভাতৃৰ মাজৰ যুঁজ খনত শেষ হাঁহি কোনে মাৰিব নগাৱত

নিউজ ডেস্ক: আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অন্ত পৰিল। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ হৈছে ৩৯ টা সমষ্টিত। কিন্তু ৩৯ টা সমষ্টিৰ মাজত এটা সমষ্টি নগাঁও সমষ্টিয়ে বিশেষ আকৰ্ষণ লাভ কৰিছে।
ইয়াৰ মূল কাৰণ হৈছে নগাঁও সমষ্টিত এইবাৰ একেখন ঘৰৰে দুই প্ৰাৰ্থীয়ে দুটা দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। এগৰাকী কংগ্ৰেছ প্ৰাৰ্থী শান্তনু শৰ্মা আৰু আনগৰাকী বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মা। নগাঁও সমষ্টিটোত কংগ্ৰেছ-বিজেপিৰ মাজতেই হ’ব মূল যুঁজ । দুই ভাতৃৰ মাজত হ’ব নিৰ্বাচনী যুঁজ।

আজি ভোটগ্ৰহণ কৰি ওলাই অহাৰ সময়ত দুয়ো ভাতৃয়ে উল্লেখ কৰে যে একেটা পৰিয়ালৰ হ’লেও দুয়ো ভিন্ন মতাদৰ্শৰ মানুহ। নিৰ্বাচনৰ পথাৰত বৈৰিতা থাকিলেও একে পৰিয়ালৰ মাজত থাকিবলগীয়া আন্তৰিকতাৰ কোনো হীন-ডেঢ়ি হোৱা নাই তেওঁলোকৰ পৰিয়ালৰ মাজত । কংগ্ৰেছ প্ৰাৰ্থী শান্তনু শৰ্মা একেটা সমষ্টিৰ প্ৰাক্তণ বিধায়ক তথা ৰাজ্যৰ শিক্ষামন্ত্ৰী মুকুট শৰ্মাৰ পুত্ৰ | সেই চিনাকী লৈয়েই সদৰ সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ চলালে প্ৰাৰ্থী গৰাকীয়ে । ইয়াৰ বিপৰীতে ৰূপক শৰ্মাই যোৱাটো কাৰ্যকালত কৰা কামৰ খাতিয়ান লৈ নিৰ্বাচনত অবতীৰ্ণ হয় ।
উল্লেখ্য, দুয়োগৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত জয়লাভৰ ক্ষেত্ৰত আশাবাদী। অৱশ্যে কাৰ ভাগ্য উদয় হয় জানিব পৰা যাব ২ মে’ৰ নিৰ্বাচনী ফলাফলৰ পিছত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply