তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

নিউজ ডেস্ক: অসমত তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ সামৰণি। মুঠ ১২খন জিলাৰ মুঠ ৪০টা সমষ্টিত আজি অনুষ্ঠিত হয় ভোটগ্ৰহণ । দুই এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে বাকী ভোটগ্ৰহন শান্তপূৰ্ণ ভাবে সমাপ্ত হয় । সন্ধিয়া ৬ বজাত ভোটগ্ৰহণ সামৰণি পৰিছে ।
ৰাজ্যত আজি অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ অন্তিম তথা তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ৫.৩০ বজালৈ ভোটদানৰ হাৰ ৭৮.৯৪ শতাংশ। ৰাজ্যিক নিৰ্বাচন আয়োগে এই তথ্য প্ৰকাশ কৰিছে।
অসমৰ লগতে দেশৰ আন ৪ ৰাজ্যতো আজি ভোটগ্ৰহণ হয়। পশ্চিম বংগৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন , কেৰালা, পুডুচেৰী আৰু তামিলনাডুৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়। পশ্চিম বংগৰ ৩১ টা সমষ্টিত তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ। কেৰালাৰ ১৪০ টা সমষ্টিত ভোটগ্ৰহণ। পুডুচেৰীৰ ৩০ টা সমষ্টিত ভোটগ্ৰহণ। তামিলনাডুৰ ২৩৪ টা সমষ্টিত ভোটগ্ৰহণ।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ৭৯ লাখ ভোটাৰে ১১৪০১টা কেন্দ্ৰত ৩৩৭ জন প্ৰাৰ্থীৰ ভাগ্য বন্দী হয় । ৰাজ্যৰ বহু প্ৰভাৱশালী নেতাই প্ৰতিদ্বন্দ্বিতা কৰাৰ লগতে সোণোৱাল চৰকাৰৰ ৬জনকৈ মন্ত্ৰীয়ে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। সেইসকলৰ ভিতৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিৰ পৰা, সিদ্ধাৰ্থ ভট্টাচাৰ্য পূব গুৱাহাটীৰ পৰা, চন্দ্ৰমোহন পাটোৱাৰীয়ে ধৰ্মপুৰ সমষ্টিৰ পৰা, ফণীভূষণ চৌধুৰীয়ে বঙাইগাঁৱৰ পৰা, প্ৰমীলা ৰাণী ব্ৰহ্মই পূব কোকৰাঝাৰৰ পৰা, চিডলীৰ পৰা চন্দন ব্ৰহ্ম আৰু বিজেপি সভাপতি ৰঞ্জিত কুমাৰ দাসে পাটাছাৰকুছিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। তৃতীয় পৰ্যায়ৰ এই নিৰ্বাচনত প্ৰায় ৭৯ লাখ ভোটাৰে ১১৪০১টা কেন্দ্ৰত ৩৩৭ জন প্ৰাৰ্থীৰ ভাগ্য চূড়ান্ত কৰে । আজি ২৫ গৰাকী মহিলা প্ৰাৰ্থীৰো ভাগ্য ইভিএমত বন্দী হয় ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply