নিউজ ডেস্ক: তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈ যোৱা অসম বিধানসভাৰ নিৰ্বাচনত ভোটদানৰ হাৰ ৮২.০৪ শতাংশ । ৪৭ টা সমষ্টিত অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭৯.৯৭ শতাংশ আৰু ৩৯ টা সমষ্টিত অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৮০.০৯ শতাংশ । ইয়াৰ বিপৰীতে ৪০ টা সমষ্টিত অনুষ্ঠিত হোৱা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ৮৫.২০ শতাংশ ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে । তিনিটা পৰ্যায় মিলি ভোটদানৰ হাৰ হৈছে ৮২.০৪ শতাংশ ।
নিৰ্বাচন আয়োগৰ তথ্য মতে এইবাৰৰ নিৰ্বাচনত মহিলাৰ অংশগ্ৰহণ আছিল লেখত লবলগীয়া । মুঠ ৮০.৬৩ শতাংশ মহিলাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে । মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে জনোৱা মতে এইবাৰৰ নিৰ্বাচনত মাত্ৰ দুই শতাংশতকৈ কম ইভিএম আৰু ভিভিপেড সলনি কৰিব লগা হয় । মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে বিভিন্ন ৰাজনৈতিক দলসমূহৰ অভিযোগক উৰা বাতৰি বুলি সদৰী কৰিছে ।
লক্ষনীয় বিষয়টো হ’ল, ইভিএমৰ বিসংগতি আৰু সন্দেহজনক গতিবিধিৰে ইভিএম পৰিবহণ কৰাৰ অভিযোগ কংগ্ৰেছকে ধৰি বিভিন্ন ৰাজনৈতিক দলে উত্থাপন কৰি আহিছে ।
এতিয়া ষ্ট্ৰংৰুমত থকা ইভিএমত বন্দী হৈ আছে ৯৪৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য । ইয়াৰ ভিতৰত ৮৭২ জন পুৰুষ আৰু ৭৪ গৰাকী মহিলা প্ৰাৰ্থী । আনহাতে নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈ থকা সময়ত ৰাজ্যজুৰি চলোৱা অভিযানত নগদ ধন আৰু অবৈধভাৱে সৰবৰাহ কৰা সুৰা আৰু ড্ৰাগছসহ বিভিন্ন সা-সামগ্ৰী মিলি মূল্য হিচাপত ১২২.৩৩ কোটি টকা জব্দ কৰা হয় ।