গুৱাহাটী: যোৱা ১ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সময়ত তিনিটা বিধানসভা সমষ্টি হাফলং, সোনাই আৰু ৰাতাবাৰীৰ চাৰিটা কেন্দ্ৰত অনিয়ম হোৱাৰ অভিযোগৰ পিছত নিৰ্বাচন আয়োগে অহা ২০ এপ্ৰিলত পুনৰ ভোটগ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে ।
তিনিওটা সমষ্টিৰ মুঠ চাৰিটা কেন্দ্ৰত ২০ এপ্ৰিলত অনুষ্ঠিত হ’ব পুনৰ ভোটগ্ৰহণ । এই চাৰিটা ভোটকেন্দ্ৰ হ’ল ৰাতাবাৰীৰ ইন্দিৰা এম ভি স্কুল, হাফলঙৰ খতিৰ এল পি স্কুল আৰু মুৱালদাম এল পি স্কুল আৰু সোনাইৰ মধ্য ধনশিৰি এল পি স্কুল ।