বোকাখাতত কংগ্ৰেছ মহাজোঁটৰ প্ৰণৱ দলেৰ মনোনয়ন পত্ৰ দাখিল

নিউজ ডেস্ক: কৃষি মন্ত্ৰীক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে যুৱনেতা প্ৰনৱ দলে ৷ কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট বন্ধনৰ প্ৰাৰ্থী প্ৰনৱ দলেয়ো আজি বোকাখাত সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে ৷ প্ৰনৱ দলেও নিজৰ শক্তি প্ৰদৰ্শনেৰে লগত গৰিষ্ঠ সংখ্যক সমৰ্থকেৰে নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়লৈ আহি কংগ্ৰেছ নেতৃত্বাধীন মহা জোঁটৰ প্ৰাৰ্থী হিচাবে মনোনয়ন পত্ৰ দাখিল কৰে ৷মহাজোঁটৰ হৈ আঞ্চলিক গণ মৰ্চাই সমৰ্থন জনাইছে প্ৰনৱ দলেক ৷

প্ৰণৱ দলেক সহযোগ কৰে বোকাখাতৰ প্ৰয়াত বাওঁপন্থী নেতা কমলেশ্বৰ ৰাজখোৱাৰ পত্নী জেষ্ঠ বাওঁপন্থী নেত্ৰী নিলীমা ৰাজখোৱা আৰু কৃষক নেতা সোনেশ্বৰ নৰহে। উল্লেখযোগ্য যে, প্ৰনৱ দলেৰ প্ৰতি মুকলি সমৰ্থন আগবঢ়াইছে বিশিষ্ট বুদ্ধিজীবী হীৰেন গোঁহাই আৰু কেইবাজনো বিশিষ্ট লেখক,কবি আৰু সাংবাদিকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply