ভোটগণনা

নিউজ ডেস্কঃ অব্য়াহত আছে অসম বিধান সভাৰ নিৰ্বাচনৰ ভোটগণনাৰ ফলাফল।

পুনৰ অসমত শাসনৰ গাদীত বহিবলৈ আগবাঢ়িছে বিজেপি মিত্ৰজোঁট।

দশম ৰাউণ্ডৰ অন্তত বিহালী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী মন্ত্ৰী ৰঞ্জিত দত্তৰ ২৩২৪৫টা ভোটত অগ্ৰগতি লাভ কৰিছে।

 বিজেপি ৪২০৯১ টা লাভ কৰাৰ বিপৰীতে প্ৰতিদ্বন্দ্বী নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ১৮৮৪৬টা ভোট।

 বিজেপি মিত্ৰজোঁটে ৭৫খন, কংগ্ৰেছ মহাজোঁটে ৪৮ খন আৰু অন্যান্যই ৩খন আসনত অগ্ৰগতি লাভ কৰি আছে। 

বিজেপিয়ে অকলে ৫৭খনত, কংগ্ৰেছে ৩১খনত, এআইইউডিএফে ১৪খন, অগপই ১০খন, ইউপিপিএলে ৮খনত, বিপিএফে২খন আৰু অজাপই এখন আসনত আগবাঢ়ি আছে।

৮৯ নং কলিয়াবৰ বিধানসভা সমষ্টিত ৯ম ৰাউণ্ডৰ অনন্ত অগপ প্ৰাৰ্থী কেশৱ মহন্তই বৃহৎ ২৩২৪২টা ভোটত অগ্ৰগতি লাভ কৰিছে।

বৰ্তমান কেশৱ মহন্তই ৬৪৪৪১টা ভোট আৰু কংগ্ৰেছৰ প্ৰশান্ত কুমাৰ শইকীয়াই ৪১১৯৯টা ভোট লাভ কৰিছে।

পঞ্চম ৰাউণ্ডৰ অন্তত থাওৰা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী কুশল দুৱৰী কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুশান্ত বৰগোঁহাইতকৈ ৫৯৩ টা ভোটত পিচ পৰি আছে।

নাজিৰাত ৪ নং ৰাউণ্ডৰ অন্তত কংগ্ৰেছ দলৰ প্ৰাৰ্থী দেৱব্ৰত শইকীয়াই ৪৯০ টা ভোটত আগবাঢ়ি আছে ৷

চতুৰ্থ ৰাউণ্ডৰ শেষত শিৱসাগৰত অখিল গগৈয়ে ১৩১৬৫ টা ভোট, সুৰভি ৰাজকুৱৰীয়ে ১১৭৯৪ টা ভোট আৰু শুভ্ৰমিত্ৰ গগৈয়ে ৩৮৭৭ টা ভোট লাভ কৰিছে।

তৃতীয় ৰাউণ্ডৰ শেষত আমগুৰিত প্ৰায় ১০০০ ভোটত অগপ প্ৰাৰ্থী প্ৰদীপ হাজৰিকা আগবাঢ়ি আছে।


তৃতীয় ৰাউণ্ডৰ শেষত অতুল বৰাই নিকটতম প্ৰতিদ্বন্দি প্ৰনৱ দলেতকৈ ২৯,৫৫৮ টা ভোটত আগবাঢ়ি আছে ৷

এঘাৰ ৰাউণ্ডৰ পাছত টীয়কত ১৩৯৩টা ভোটত অগপ প্ৰাৰ্থী ৰেনুপমা ৰাজখোৱাই অগ্ৰগতি লাভ কৰিছে।

কংগ্ৰেছৰ পল্লৱী গগৈয়ে লাভ কৰিছে ৩৫৯৯৪ টা ভোট আৰু ৰেনুপমা ৰাজখোৱাই লাভ কৰিছে ৩৭৩৮৭টা ভোট।

ৰাতাবাড়ী সমষ্টিত চতুৰ্থ ৰাউণ্ডৰ গণনাৰ শেষত বিজেপিয়ে লাভ কৰে ১৭৫৬৩টা ভোট, কংগ্রেছে ১১৮৮৩টা ভোট লাভ কৰে। এই সমষ্টিতো বিজেপিয়ে ৫৭৩০টা ভোটত অগ্ৰগতি লাভ কৰি আছে।

উত্তৰ কৰিমগঞ্জ সমষ্টিত ষষ্ঠ ৰাউণ্ডৰ শেষত বিজেপিয়ে লাভ কৰে ৭৭৭,কংগ্ৰেছ, ৩৯৬৭ আৰু
নিৰ্দলীয় দলে লাভ কৰে ২৫৩৪টা ভোট। কংগ্রেছ দলে ৪১৬০টা ভোটত অগ্ৰগতি লাভ কৰি আছে।

পাথাৰকান্দি সমষ্টিত পঞ্চম ৰাউণ্ডৰ শেষত বিজেপিয়ে লাভ কৰে ৩৭৪৬টা ভোট,
কংগ্রেছে ৪৮৩৭টা ভোট লাভ কৰিছে।

দক্ষিণ কৰিমগঞ্জ সমষ্টিটো চতুৰ্থ ৰাউণ্ডৰ শেষত কংগ্ৰেছে লাভ কৰে ১৫০৯২টা ভোট, অগপই লাভ কৰে ১৩৮১৯ টা ভোট। এই সমষ্টিত কংগ্রেছে ১২৭৩টা ভোটত অগ্ৰগতি লাভ কৰি আছে।

বদৰপুৰ সমষ্টিত তৃতীয় ৰাউণ্ডৰ শেষত বিজেপিয়ে ৬৮৪৯টা, এআইউডিএফে ১৫০৪৬টা ভোট লাভ কৰে। এআইউডিএফে ৮১৯৭ টা ভোটত অগ্ৰগতি লাভ কৰি আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,275 other subscribers

Leave a comment

Leave a Reply