প্ৰতিনিধিত্বমূলক ফটো

নিউজ ডেস্কঃঅসম বিধানসভা নিৰ্বাচন ২০২১’ ২৭ মাৰ্চ, ১ এপ্ৰিল আৰু ৬ এপ্ৰিলত ১২৬খন আসনৰ বাবে অনুষ্ঠিত হৈছিল।

ৰাজ্যৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল ২,৩১,৮৬,৩৬২জন ৷ ইয়াৰে ১,১৭,৪২,৬৬১জন পুৰুষ হোৱাৰ বিপৰীতে ১,১৪,৪৩,২৫৯গৰাকী মহিলা।

তিনিটা পৰ্য্যায়ত অনুষ্ঠিত হোৱা এইবাৰৰ নিৰ্বাচনত মুঠ ৯৪৬ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল।

পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোটগণনাৰ প্ৰথম ৰাউণ্ডৰ গণনাৰ অন্তত চাপাগুৰি সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী গৰাকী বিপিএফতকৈ আগবাঢ়ি আছে।

ইউপিপিএলৰ প্ৰাৰ্থীগৰাকীয়ে৪৬৩২টা ভোট লাভ কৰাৰ বিপৰীতে বিপিএফে লাভ কৰিছে ২৫০১টা ভোট।

সেইদৰে তামুলপুৰ সমষ্টিত বিপিএফৰ প্ৰাৰ্থীগৰাকী ইউপিপিএলৰ প্ৰাৰ্থীগৰাকীতকৈ আগবাঢ়িছে।

ইয়াত বিপিএফৰ প্ৰাৰ্থীগৰাকীয়ে ৩৩৯৫টা ভোট লাভ কৰাৰ বিপৰীতে ইউপিপিএলৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ২৬৩৬টা ভোট।

আনহাতে, বৰমা সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থীগৰাকী বিপিএফতকৈ আগবাঢ়িছে। সমষ্টিটোত এতিয়ালৈকে ইউপিপিএলে লাভ কৰিছে ৩৫০২টা ভোট আৰু বিপিএফে লাভ কৰিছে ২৮২২টা ভোট। সমষ্টিটোত নৱ কুমাৰ শৰণীয়াই লাভ কৰিছে ১১৪৮টা ভোট।

জালুকবাৰীত বিজেপিৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথম ৰাউণ্ডৰ অন্তত গণনা হোৱা মুঠ ৮৯৯২টা ভোটৰ  ৭০২০টা ভোট লাভ কৰি অগ্ৰগতি লৈছে।

ইয়াৰ বিপৰীতে কংগ্ৰেছ ৰমেন বৰঠাকুৰে লাভ কৰিছে ১৬৬১টা ভোট। সমষ্টিটোত ন’টাত ভোট পৰিছে ১০২টা।

বটদ্ৰৱা সমষ্টিৰ আঙুৰলতা ডেকাই প্ৰথম ৰাউণ্ড আৰু দ্বিতীয় ৰাউণ্ডত ৬৫৪৬ টা ভোটত আগবাঢ়িছে। শিৱামনী বড়াই লাভ কৰিছে ৪৮৯৩টা।

১০বাজি ১৫মিনিটৰ খবৰ অনুসৰি বিজেপি মিত্ৰজোঁটে ৬৯খন, কংগ্ৰেছ মহাজোঁটে ৩৮ খন আৰু অন্যান্যই ১খন আসনত অগ্ৰগতি লাভ কৰি আছে। বিজেপিয়ে অকলে ৫৩খনত, কংগ্ৰেছে ২৬খনত, এআইইউডিএফে ১০খন, অগপই ১২খন, ইউপিপিএলে ৫খনত, বিপিএফে ২খন আসনত আগবাঢ়িছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,686 other subscribers

Leave a comment

Leave a Reply