নিউজ ডেস্ক: অহা ২৭ মাৰ্চত ৰাজ্যৰ ৪৭টা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া প্রথম পর্যায়ৰ নির্বাচনী ৰণত প্রতিদ্বন্দ্বিতা কৰিব মুঠ ২৮৪জন প্রার্থীয়ে৷ যোৱা ৯ মার্চৰ অন্তিম সময়লৈকে ২৯৫জন প্রার্থীয়ে মনোনয়ন–পত্র দাখিল কৰিছিল যদিও ইয়াৰে ১০জনৰ মনোনয়ন নাকচ হয়৷ আজি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ৷
অসমৰ মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ৰ লাভ কৰা তথ্য অনুসৰি, বটদ্রৱাৰ অসম জাতীয় পৰিষদৰ প্রার্থী অৰূপ শইকীয়া, ৰূপহীহাটৰ নির্দলীয় ৰফিকুল ইছলাম, মৰিয়নিৰ অসম জাতীয় পৰিষদৰ অলক কুমাৰ ঘোষ, আমগুৰিৰ নির্দলীয় ধর্মেশ্বৰ ঘাটোৱাৰ, মৰাণৰ নির্দলীয় জিতু দিহিঙীয়া, লাহোৱালৰ লোক জনশক্তি পার্টীৰ কুকিল কণ্ঠ গগৈ, দুলীয়াজানৰ আম্বেদকাৰ পার্টী অৱ ইণ্ডিয়াৰ হৰেশ্বৰ ঘাটোৱাৰ, নাহৰকটীয়াৰ এছ ইউ চি আই (চি)ৰ মহেন্দ্র ধাদুমীয়া, চাবুৱাৰ নির্দলীয় সন্তোষ কুর্মী আৰু তিনিচুকীয়াৰ আম্বেদকাৰ পার্টী অৱ ইণ্ডিয়াৰ ফাগু খাৰীয়াৰ মনোনয়ন–পত্র বাতিল কৰা হৈছে৷
মৰিয়নি সমষ্টিৰ পৰা অখিল গগৈয়ে আৰু তেজপুৰ সমষ্টিত নির্দলীয় হিচাপে মনোনয়ন–পত্র দাখিল কৰা জিতেন বৰঠাকুৰে নিজৰ প্রার্থিত্ব প্রত্যাহাৰ কৰিছে৷ আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা কিমান জনে প্ৰত্যাহাৰ কৰে তাৰ পিছতে চূড়ান্ত তালিকা প্ৰকাশ পাব ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply