গুৱাহাটী: বিটিআৰৰ ৰাজনীতি সলনি হোৱাৰ দিশে গতি কৰিছে৷ নিজৰ ৰাজনৈতিক ভবিষ্যৎ সুনিশ্চিত কৰিবৰ বাবে বিপিএফ প্ৰধান তথা এসময়ৰ কিংমেকাৰ হাগ্ৰামা মহিলাৰী শৰণাপন্ন হৈছে বিজেপি আৰু আৰ এছ এছৰ।

শেহতীয়াকৈ মহিলাৰীয়ে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ জ্যেষ্ঠ নেতা ইন্দ্ৰেশ কুমাৰৰ চৰণ চুই সেৱা কৰা, কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালেক সাক্ষাৎ কৰা, বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক বি এল সন্তোষক সাক্ষাৎ কৰাৰ বিভিন্ন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

স্বাভাৱিকতেই বিপিএফ প্ৰধানগৰাকীয়ে বিজেপিত যোগদান কৰিব নেকি বুলি গুজব ওলাইছে। পিছে ইষ্টম’জ’ অসমৰ হাতত পৰা খবৰ অনুসৰি এক গুৰুতৰ বিষয় তথা ৰাজনৈতিক আৰু ব্যক্তিগত ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বাৰ্থতহে হাগ্ৰামা মহিলাৰীয়ে বিগত প্ৰায় তিনিটা সপ্তাহ ধৰি আৰ এছ এছ আৰু বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে সঘন বৈঠকত মিলিত হৈছে।

অলপতে কোকৰাঝাৰত ইউপিপিএল দলৰ তৃতীয় ত্ৰিবাৰ্ষিক সন্মিলনত উপস্থিত থাকি বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে প্ৰদান কৰা এক ভাষ্যই এই কথা স্পষ্ট কৰি তুলিছে।

বিটিআৰ এলেকাত সংঘটিত প্ৰায় ৩০০০ কোটি টকাৰ ভয়ংকৰ কেলেংকাৰীৰ কথা ইতিমধ্যেই অডিটত প্ৰকাশ পোৱাৰ কথা উল্লেখ কৰিছে বিটিআৰ প্ৰধানে। আৰু এই সমগ্ৰ অডিট প্ৰক্ৰিয়া আৰু কেলেংকাৰীৰ তদন্তৰ নিৰ্দেশ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰাই অহা বুলিও উল্লেখ কৰিছে প্ৰমোদ বড়োৱে।

ইয়াৰ সমান্তৰালকৈ বিগত প্ৰায় দুটা সপ্তাহ ধৰি লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টি ইউপিপিএললৈ এৰি দিয়াক লৈও বিজেপি-বিপিএফৰ মাজত চলি আছে অগ্নিগৰ্ভা পৰিস্থিতি। বিপিএফৰ নেতা দুৰ্গা দাস বড়োৱে ইতিমধ্যে ধমকৰ সুৰত কৈয়েই দিছে ‘’কোকৰাঝাৰক লৈ নো কম্প্ৰ’মাইজ, কোকৰাঝাৰ এৰক, মঙলদৈ লওক অন্যথা, মঙলদৈত হৰুৱাই দিম বিজেপি প্ৰাৰ্থীক।’’

বিপিএফ নেতৃত্বৰ এনে ধমকৰ পিছতে হাগ্ৰামা মহিলাৰীয়ে আৰ এছ এছ নেতৃত্বৰ সমূখত শিৰনত কৰা দৃশ্যই কেতবোৰ বিষয় পোহৰলৈ আনিছে। উল্লেখ্য যে গেৰুৱা দলটোৱে বিপিএফৰ সৈতে মিত্ৰতা ভংগ কৰাৰ পাছতেই শক্তিহীন হৈ পৰা হাগ্ৰামা মহিলাৰীয়ে শেহতীয়াকৈ আৰ এছ এছৰ অন্যতম শীৰ্ষ নেতা ইন্দ্ৰেশ কুমাৰক সাক্ষাৎ কৰাৰ লগতে বিজেপিৰ সাংগঠনিক সম্পাদক বি এল সন্তোষকো লগ ধৰে৷

সম্প্ৰতি দিল্লীত বাহৰ পাতি মহিলাৰীয়ে বিজেপিৰ শীৰ্ষ নেতাসকলৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰাক লৈ সৰ্বত্ৰ চৰ্চা আৰম্ভ হৈছে যদিও এতিয়ালৈকে এই সন্দৰ্ভত মহিলাৰীয়ে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই৷ কিন্তু ইউপিপিএলৰ বাৰ্ষিক অধিবেশনতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ পিছতে দুয়োটা দলৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কত যে ঘূণে ধৰিছে তাৰ উমান পোৱা গৈছে।

২০২৪ চনৰ লোকসভা নিৰ্বাচনলৈকে বিজেপি আৰু ইউ পি পি এলৰ মিত্ৰতা বাহাল থাকিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ উপৰিও ইয়াৰ পৰৱৰ্তী পর্যায়তো দলটোৰ সৈতে বিজেপিৰ মিত্রতা বাহাল থকাৰ ইংগিত দিছে ড০ শৰ্মাই।

কেৱল সেয়াই নহয় দুয়োটো দল মিত্ৰতাত থকাৰ সময়ত বিজেপিয়ে বিটিআৰ এলেকাৰ আন কোনো দলৰ সৈতে মিত্ৰতা নকৰে বুলিও উল্লেখ কৰিছিল। অর্থাৎ ইয়াৰ জৰিয়তে তেওঁ বি পি এফৰ মিত্ৰতাৰ প্ৰস্তাৱক নস্যাৎ কৰিছিল।

এনে ঘোষণাৰ পিচতে বিজেপিৰ এসময়ৰ মিত্ৰদল বিপিএফৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। বিপিএফৰ এক নিৰ্ভৰযোগ্য সূত্রই আমাক জানিবলৈ দিয়ামতে হাগ্ৰামা মহিলাৰীয়ে বিজেপিত চামিল হোৱাৰ পৰিবৰ্তে মিত্রতা কৰি পুনৰ বিটিচি দখল কৰাতহে আগ্রহী।

উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত হাগ্রামা মহিলাৰীয়ে নিজাকৈ বিজেপিৰ প্ৰতি সমর্থনৰ কথা ঘোষণা কৰিছিল আৰু ৰাজ্যসভা নির্বাচনত বিপিএফৰ বিধায়কসকলে শাসকীয় দলৰ প্ৰাৰ্থীৰ সমৰ্থনত ভোট দিছিল। কিন্তু ইয়াৰ পিচতো বিজেপিয়ে বি পি এফৰ সৈতে পুনৰ মিত্ৰতাত আবদ্ধ হ’বলৈ আগ্ৰহ প্ৰকাশ নকৰিলে।

স্বাভাৱিকতে প্ৰশ্ন উত্থাপিত হৈছে – বিশ্বাসঘাতকতাৰ বলি হ’ল নেকি হাগ্ৰামা? হিমন্ত বিশ্বৰ বন্ধু বুলি পৰিচিত হাগ্ৰামাক কোনে বাধ্য কৰিলে শিৰনত হোৱাৰ? কোনে কি উদ্দেশ্যে ভাইৰেল কৰিলে ভৰি স্পৰ্শ কৰা ফটো-ভিডিঅ’?

সেয়া যি কি নহওক, এতিয়া বিজেপিত চামিল হৈ পুনৰ শাসনলৈ উভতিব নেকি হাগ্ৰামা? প্ৰমোদ বড়োৰ গুৰুতৰ ভুল বা ৰাজনৈতিক কিম্বা ব্যক্তিগত ক্ৰুটি অবিহনে বিজেপিৰ সৈতে মিত্ৰতা ভংগত অদূৰ ভৱিষ্যতে নাই কোনো সম্ভাৱনা। এনে পৰিস্থিতিত বিপিএফ বাদেই, হাগ্ৰামা মহিলাৰীৰ ৰাজনৈতিক ভৱিষ্যৎ যে সংকটত সেয়া নিশ্চিত।

লগতে পঢ়ক – অসমৰ আৰক্ষীৰ ওচৰত ‘আত্মসমৰ্পণ’ৰ বাবে হাজিৰ ৯ স্বঘোষিত মাওবাদীৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply