গুৱাহাটী : পৌৰ সভাৰ নিৰ্বাচনৰ পিছত অৱশেষত ঘোষণা কৰা হ’ল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ দিন। অহা ১৯ এপ্ৰিলত পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে ২১ এপ্ৰিলত ভোট গণনা অনুষ্ঠিত হ’ব।
নিৰ্বাচন আয়োগে আজি পৌৰ নিগমৰ নিৰ্বাচনৰ দিন ঘোষণা কৰি ১৯ এপ্ৰিলৰ পুৱা ৭-৩০ বজাৰ পৰা বিয়লি ৪-৩০ বজালৈ ভোটগ্ৰহণ চলাৰ বিপৰীতে ২১ এপ্ৰিলৰ পুৱা ৮ বজাৰ পৰা ভোট গণনা অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে।
আনহাতে, মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ৩০ মাৰ্চ আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ৪ এপ্ৰিল।
পৌৰ সভাৰ নিৰ্বাচনৰ দৰে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ই ভি এমত ভোটদান হ’ব বুলি নিৰ্বাচন আয়োগে ঘোষণা কৰিছে। বুধবাৰে গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হৈছে।
সম্পূৰ্ণ ক’ভিড নীতি নিৰ্দেশনা মানি গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ভোটদান আৰু ভোটগণনা অনুষ্ঠিত কৰিব লাগিব বুলিও ঘোষণা কৰে নিৰ্বাচন আয়োগে। নিশা ৯ বজাৰ পৰা পুৱা ৬ বজালৈ নিৰ্বাচনৰ প্ৰচাৰ চলোৱাত বাধা প্ৰদান কৰা হৈছে।
উল্লেখযোগ্য যে এইবাৰ গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত ৬০ টা ৱাৰ্ডত মুঠ ৭,৯৬,৮২৯ গৰাকী ভোটাৰ আছে। ৬০ টা ৱাৰ্ডত মুঠ ৭৮৯ টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ’ব।
ৰাজ্যিক নিৰ্বাচন আয়োগে সংবাদ মেলৰ জৰিয়তে প্ৰকাশ কৰা অনুসৰি এইবাৰ মহিলাৰ বাবে সংৰক্ষিত থাকিব ৫০ শতাংশ আসন। তদুপৰি এগৰাকী প্ৰাৰ্থীয়ে সৰ্বাধিক ২.৫০ লাখ টকাহে ব্যয় কৰিব পাৰিব আৰু ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ কেৱল মাত্ৰ ৩০ জন নেতাই প্ৰচাৰ চলাব পাৰিব।
লগতে পঢ়ক – ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্তৰ বিৰোধিতা সদৌ অসম আদিবাসী ছাত্র সন্থাৰ