নিউজ ডেস্ক: আগন্তুক মাজুলী উপ-নিৰ্বাচন উপলক্ষে ৰাজ্য চৰকাৰে বিধানসভা সমষ্টিটোত অহা ৭ মাৰ্চত কৰ্মচাৰীসকলৰ বাবে ছুটী ঘোষণা কৰিছে। সোমবাৰে এই সম্পৰ্কে এই জাননী জাৰি কৰা হয়।
চৰকাৰী চাকৰিয়ালসকলৰ উপৰি ভোটদানৰ দিনা সমষ্টিটোত থকা সকলো শিক্ষা প্ৰতিষ্ঠান, ফেক্টৰি, চাহ বাগিচা, দোকান, ব্যৱসায়িক প্ৰতিষ্ঠান, বেংক তথা আন বিত্তিয় প্ৰতিষ্ঠানসমূহ বন্ধ থাকিব।
উল্লেখযোগ্য যে অহা ৭ মাৰ্চত অনুষ্ঠিত হ’ব লগীয়া মাজুলী বিধানসভা নিৰ্বাচনত এইবাৰ বিজেপিৰ প্ৰাৰ্থীৰ ভুবন গাম, অসম জাতিয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰী আৰু এছ ইউ চি আই (চি)ৰ ভাইটি ৰিচঙৰ মাজত প্ৰতিদ্বন্দিতা হ’ব।
কংগ্ৰেছ, ৰাইজৰ দলে নিজাববীয়াকৈ কোনো প্ৰাৰ্থী ঠিয় কৰোৱা নাই, দুয়োটা দলে অজাপৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীলৈ সমৰ্থন আগবঢ়াইছে।
বিগত বৰ্ষৰ ২৭ ছেপ্টেম্বৰত প্ৰাক্তন মুখ্য মন্ত্ৰী তথা সমষ্টিটোৰ বিধায়ক আৰু বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্য সভালৈ নিৰ্বাচিত হোৱাৰ পিছত মাজুলী বিধানসভা সমষ্টিৰ আসনখন খালী হৈ আছিল।
লগতে পঢ়ক – ইউক্ৰেইন-ৰাছিয়া যুদ্ধ; ভাৰত চৰকাৰৰ ‘অ’পাৰেশ্যন গংগা’ আৰম্ভ