মৰিয়নী: শেহতীয়া পৌৰসভা নিৰ্বাচনত মৰিয়নী পৌৰসভাত বিজেপিৰ শোচনীয় পৰাজয়ৰ পাছত সমষ্টিটোৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আজি প্ৰথমখন সংবাদমেল সম্বোধন কৰে।

মৰিয়নী পৌৰসভাত বিজেপি পৰাস্ত হোৱাৰ পিছতো অহা ৪ এপ্ৰিলৰ ভিতৰত গঠন হ’বগলীয়া পৌৰসভাখন বিজেপিয়েই গঠন কৰিব বুলি সংবাদমেলত বিধায়ক গৰাকীয়ে দাবী কৰে।

আনহাতে মৰিয়নী পৌৰসভাৰ যিকেইটা ৱাৰ্ডত অ-বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰিছে সেই সমূহ ৱাৰ্ডত কোনো উন্নয়নৰ বাবে চৰকাৰ তথা স্থানীয় বিধায়কৰ পৰা কোনো সহযোগিতা নাপাব বুলি কুৰ্মীয়ে সংবাদমেলত কয়।

ইপিনে পুনৰ জ্যোতিষী প্ৰসংগ টানি আনি তেওঁ কয় যে জীয়াই থকা মুহুৰ্ত্বলৈকে তেওঁ বিধায়ক হৈয়েই থাকিব বুলি দাবী কৰি হিন্দী বোলছবি ‘পুষ্পা’ৰ জনপ্ৰিয় সংলাপ দোহাৰি কয় ‘ৰূপজ্যোতি কুৰ্মী কভী ঝুকেগা নেহী’।

বিধায়ক গৰাকীয়ে সংবাদমেলত লগতে জানিবলৈ দিয়ে যে পৰৱৰ্ত্তী নিৰ্বাচন নতুন সমষ্টি ভিত্তিত অনুস্থিত হ’ব যাৰ ফলত মৰিয়নী সমষ্টিৰ শেষগৰাকী বিধায়ক হিচাপে পৰিগণিত হৈ ৰ’ব বিধায়ক কুৰ্মী।

লগতে পঢ়ক – দৰমহা বৃদ্ধিৰ দাবীত মধ্যাহ্ন ভোজনৰ ৰান্ধনি, সহায়িকাৰ ব্যাপক প্ৰতিবাদ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply