গুৱাহাটী: মুখ্য মন্ত্ৰীয়ে অসমক দেশৰ ভিতৰত ৫ নম্বৰ ৰাজ্যলৈ আনিব বুলি নিৰ্বাচনৰ সময়ত যি কথা কৈছিল বৰ্তমান সময়ত কিমান দূৰ সফল হৈছে। বৰ্তমান সময়ত উন্নয়ন কি হৈছে সেইয়া গম পোৱা নাযায় কিন্তু এনকাউন্টাৰত অসম তৃতীয় হৈছে বুলি কটাক্ষ কৰে সাংসদ অজিত ভূঞাই।

কীৰ্তি কমল বৰাৰ এনকাউন্টাৰৰ ঘটনাই বহু লোকৰ চকু খুলি দিলে। তেতিয়াহে এনকাউন্টাৰ সমৰ্থন কৰাৰ বহু লোকে বুজিলে যে এনকাউন্টাৰ ৰাজনীতি কিমান ভয়ংকৰ হ’ব পাৰে পাৰে বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে।

‘হিমন্ত বিশ্বৰ চৰকাৰৰ আমোলত অসমৰ সাধাৰণ মানুহৰ জীৱনৰ নিৰাপত্তা শূণ্য হৈ পৰিছে।
মুখ্য মন্ত্ৰীয়ে আইন কানুন, বিচাৰক সকলো হৈ পৰিছে। হিমন্ত বিশ্ব শৰ্মা পুলিচৰ সেনাপতি ৰূপত অৱতীৰ্ণ হৈছে,’ তেওঁ কয়।

মুখ্য মন্ত্ৰী গৰাকীয়ে বিৰোধী শক্তিক আওঁপকীয়াকৈ হত্যা কৰিবলৈ পুলিচ বাহিনীক টিগাৰ টিপিবলৈ উৎসাহিত কৰিছে বুলি অভিযোগ কৰে সাংসদ গৰাকীয়ে।

চৰকাৰৰ অপকৰ্মৰ বিৰুদ্ধে অসমৰ ৰাইজে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে বুলি উল্লেখ কৰি ভূঞাই লগতে কয়, ‘কিন্তু প্ৰতিবাদ কৰিবলৈ ওলাই অহা লোকসকলক ভাবুকি দিবলৈ পুলিচক টিগাৰ টিপিবলৈ ট্ৰেইনিং দিছে মুখ্য মন্ত্ৰীয়ে।’

অসমত মানুহে এতিয়া মুকলিকৈ কথা ক’বলৈ ভয় কৰে। মুকলিকৈ কথা কোৱাৰ এতিয়া অসমত অৱকাশ নাই। ক্ষমতাই মূৰত ধৰা অপৰিপক্ক ৰাজনীতিকে ক্ষমতা হেৰুৱাৰ ভয় খালে এনেধৰণৰ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰে আৰু হিমন্ত বিশ্ব শৰ্মা ইয়াৰ উদাহৰণ বুলি কয় সাংসদ গৰাকীয়ে।

হিমন্ত বিশ্ব শৰ্মাই বুজি উঠক ৮০ আৰু ৯০ দশকলৈ উভতি যাব নিবিচাৰে অসমৰ জনতা বুলি কয় সাংসদ ভূঞাই। প্ৰতিটো এনকাউন্টাৰৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী তুলি কীৰ্তি কমল বৰাক বিনা দোষত গুলিওৱাৰ অপৰাধত অতি সোনকালে আনন্দ মিশ্ৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে বুলিও সংবাদমেলত কয় ভূঞাই।

‘হিমন্তৰ আৰ্শীবাদত সমাজ সংস্কাৰৰ সমগ্ৰ দায়িত্ব লৈ লৈছিল আনন্দ মিশ্ৰই,’ ভূঞাৰ ভাষ্য।

আনহাতে মাজুলী উপ নিৰ্বাচনত অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীলৈ আঞ্চলিক গণ মৰ্চাই পূৰ্ণ সমৰ্থন আগবঢ়োৱা বুলি উল্লেখ কৰে সাংসদ অজিত ভূঞাই।

লগতে পঢ়ক – গুৱাহাটীত বৃদ্ধি কৰা হ’ব আন্তঃৰাষ্ট্ৰীয় বিমানৰ সংখ্যা; দঃ পূঃ এছিয়াৰ কোনকেইখন মহানগৰলৈ চলিব বিমান?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply