গুৱাহাটী: ৰাজ্যত পুনৰ এটা নতুন ৰাজনৈতিক দলৰ প্ৰকাশ ঘটিছে। ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত ‘জাতীয় দল, অসম’ নামৰ এটা নতুন আঞ্চলিক দলৰ গঠন হয়।
দুই আঞ্চলিক দল ক্ৰমে আঞ্চলিক গণ মৰ্চা আৰু অসম সংগ্রামী মঞ্চক একত্ৰিত কৰি এই নতুন দলটো গঠন কৰা বুলি বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত আঞ্চলিক গণ মৰ্চাৰ সভাপতি তথা সাংসদ অজিত কুমাৰ ভূঞাই সদৰী কৰে।
ৰাজ্যত বৰ্তমান আপোচবিহীন আঞ্চলিকতাবাদৰ ওপৰত বিশ্বাসী ৰাজনৈতিক নেতৃত্বৰ অভাৱৰ বাবে বিজেপিৰ দৰে শক্তিসমূহৰ দৌৰাত্ম্য বাঢ়িছে বুলি উল্লেখ কৰি উক্ত অভাৱ পূৰণৰ উদ্দেশ্যে নতুন দলটোৱে কাম কৰি যাব বুলি ভূঞাই কয়।
অজিত ভূঞাই দলটোৰ সভাপতি হিচাপে দায়িত্ব লোৱাৰ বিপৰীতে দলটোৰ কাৰ্যকৰী সভাপতিৰ দায়িত্বত থাকিব দিগন্ত কোঁৱৰ। ইয়াৰ উপৰি প্ৰণৱ জ্যোতি চেতিয়া আৰু সমৰজ্যোতি বেজবৰুৱাক দলৰ যুটীয়া সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পন কৰা হয়।
লগতে পঢ়ক – IIT Guwahatiএ স্নাতকোত্তৰৰ বাবে Joint Admission Test অনুষ্ঠিত কৰিব