বোকাখাত, উত্তম কুমাৰ শৰ্মা: ৰাজ্যত আজি আৰম্ভ হৈছে পৌৰ যুঁজ। বোকাখাতৰ ২১টা ভোট কেন্দ্ৰত পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণত মুঠ ১৫,৩০০ ভোটাৰে ৩০গৰাকী প্ৰাৰ্থীৰ ভাগ্য ভাগ্য নিৰ্ণয় কৰিব।
ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ মাজতে বোকাখাতত বহুলভাৱে চৰ্চিত হৈছে এটা বিষয়। সেয়া হৈছে -বোকাখাতৰ পৌৰসভা নিৰ্বাচনত অগপ-বিজেপিৰ আৰু কংগ্ৰেছৰ বিৰুদ্ধে বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে নিৰ্দলীয় প্ৰাৰ্থীয়ে।
বোকাখাত পৌৰসভাৰ দহটা ৱাৰ্ডৰ ৩০গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৮গৰাকী প্ৰাৰ্থীয়েই নিৰ্দলীয় প্ৰাৰ্থী। ইয়াৰে ৪ গৰাকী মহিলা প্ৰাৰ্থী হোৱাৰ বিপৰীতে আন ৪ গৰাকী পুৰুষ প্ৰাৰ্থী। দহটা ৱাৰ্ডৰ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ সমান্তৰালকৈ যোৱা কেইটা দিনত ৱাৰ্ডে ৱাৰ্ডে ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছিল নিৰ্দলীয় প্ৰাৰ্থীসকলক।
ইফালে নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত নিৰ্দলীয় প্ৰাৰ্থীসকলক লৈ ব্যাপক চৰ্চা অব্যাহত থকাৰ লগতে শংকাত ভোগা দেখা গৈছিল শাসকীয় দলৰ লগতে বিৰোধী দলক। কিয়নো নিৰ্বাচনত অৱতীৰ্ণ হোৱা কেইবাগৰাকীও নিৰ্দলীয় প্ৰাৰ্থীয়েই শাসকীয় অগপ-বিজেপি দলৰ পৰা প্ৰাৰ্থীত্ব লাভ নকৰি দল ত্যাগ কৰা প্ৰাৰ্থী।
বিভিন্ন কাৰণত শাসকীয় ৰাজনৈতিক দলৰ পৰা প্ৰাৰ্থীত্ব লাভ নকৰি একপ্ৰকাৰ বিসম্বাদ সৃষ্টিৰে দল ত্যাগ কৰা এইসকল নিৰ্দলীয় প্ৰাৰ্থীৰ দ্বাৰা বৃহৎ সংখ্যক ভোট বিভাজনৰ শংকাত ভোগা দেখা গৈছে শাসকীয় মিত্ৰজোঁটৰ মাজত।
অৱশ্যে ভোট বিভাজনৰ অংকত শাসক-বিৰোধীৰ কোন লাভৱান হ’ব, ভোট-গণনাৰ শেষতহে তাৰ সঠিক চবিখন পোহৰলৈ আহিব।
লগতে পঢ়ক- পৌৰ সভা নিৰ্বাচন : বোকাখাতত মন্ত্ৰী অতুল বৰা,ধেমাজীত সাংসদ প্ৰদান বৰুৱাৰ ভোটদান